
কাজিৰঙাঃ ৰজ্যখনৰ সংবাদিকসকলে জনমত গঢ়াৰ লগে লগে সমাজ সেৱাও কৰি আহিছে৷ ৰদ-বৰষুণ কাটি কৰি দিনৰ দিনটো সংবাদ সংগ্ৰহত ব্যস্ত থাকে একো একোগৰাকী সাংবাদিক৷ সাংবাদিকসকলে নিজৰ জীৱন-যৌৱন সমস্ত শেষ কৰি পেলাই বাতৰিৰ পিছে পিছে দৌৰি৷ নিজৰ পৰিয়ালটোকে সময় দিব নোৱাৰা সাংবাদিকে সমাজৰ মাজতেই নিজক বিলীন কৰি দিয়ে৷
পুৱাৰে পৰা নিশালৈ ব্যস্ত হৈ থকা সাংবাদিকে সমাজৰ বাবে বহু কাম কৰে৷ সমাজখনৰ প্ৰকৃত ছবিখন প্ৰতিদিনে সাংবাদিকে প্ৰত্যক্ষ কৰে৷ যাৰ বাবে বহু ভাল-বেয়া স্মৃতি লগত লৈ ফুৰিব লগা হয় সাংবাদিকসকলে৷ তেনেই এক ভয়াবহ স্মৃতি লগত লৈ ফুৰিব লগা হৈছে কাজিৰঙাৰ সাংবাদিকে৷
কাজিৰঙাত ৩৭নং ৰাষ্ট্ৰীয় পথত নিতৌ পথ দুৰ্ঘটনা সংঘটিত হৈ মানুহৰ প্ৰাণ যােৱা দৃশ্যই ম্ৰিয়মান কৰে কাজিৰঙাৰ সাংবাদিকক৷ দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ শোকত ভাগি পৰে সাংবাদিকসকল৷ যাৰ ফলত প্ৰশাসনৰ সহায়ত সাংবাদিকসকলে ৰাইজক সজাগ কৰিবলৈ ওলাই আহে৷
পথ সুৰক্ষা তথা বাহন চলোৱাৰ সময়ত পৰিবহন বিভাগৰ নীতি-নিয়ম মানি নচলাৰ ফলত বহু লোকে অকালতে প্ৰাণ দিব লগা হয়৷ এই কথাৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যে কাজিৰঙাত সাংবাদিক আৰু বোকাখাত মহকুমা প্ৰশাসন মঙলবাৰে এটা দিন ৰাজপথত অতিবাহিত কৰে৷ কাজিৰঙাত ৩৭নং ৰাষ্ট্ৰীয় পথত নিতৌ পথ দুৰ্ঘটনা সংঘটিত হৈ মানুহৰ প্ৰাণ যায়৷
প্ৰতিটো জীৱন অতিকৈ মূল্যৱান সাৱধনতা অৱলম্বন নকৰিলে এই জীৱন সুৰক্ষিত নহয়। এনে ধৰণৰ বিষয় সমূহ প্ৰচাৰৰ লক্ষ্যৰে সর্তকর্তামূলক আৰু সজাগতা সৃষ্টিৰ বাবে কাজিৰঙাত মহকুমা প্ৰশাসন আৰু সাংবাদিকৰ যৌথ প্ৰচেষ্টা চলায়৷
সমাজৰ প্ৰতিজন নাগৰিকে নিজৰ আপোন পৰিয়ালটোৰ কথা ভবাটো প্ৰয়োজন৷ পথত সাৱধানতা, সতর্কতা, দায়িত্বসহকাৰে গাড়ী-মটৰ চলোৱাৰ সময়ত পথ-দুর্ঘটনা কমিব বুলি প্ৰচাৰ চলাই সাংবাদিক আৰু বোকাখাত মহকুমা প্ৰশাসন৷
কাজিৰঙাত বৃদ্ধি পাই অহা পথ দুৰ্ঘটনা ৰোধৰ বাবে কাজিৰঙাত মহকুমা প্ৰশাসন আৰু সাংবাদিকৰ যৌথ অভিযানক সহাৰি জনাই ৰাইজে৷ মঙলবাৰে কাজিৰঙাৰ কঁহৰাত বোকাখাত মহকুমা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ লগত ৩৭নং ৰাষ্ট্ৰীয় পথত পথ সুৰক্ষা সজাগ কৰাৰ চেষ্টা চলায়৷
উল্লখ্য যে, যোৱা দুমাহৰ ভিতৰত বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত ৬ জন যুৱকে বাইক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে৷ সজাগতাৰ সময়ত হেলমেট পৰিধান নকৰা আৰু যান-বাহনত চিট বেল্ট নমৰা লোকসকলক পথ সুৰক্ষা বিধি সন্দৰ্ভত সজাগ কৰাৰ চেষ্টা চলায়৷