মোহময়ী বিধায়িকাই কাৰ বাবে নাপালে মন্ত্ৰীত্ব? নাৰাজ কোন? বৃহস্পতিবাৰে ৭ বিধায়কৰ মন্ত্ৰীৰূপে শপত

ৰঙিয়া/গুৱাহাটীঃ বহু জল্পনা কল্পনাৰ অন্তত ৰাজ্যৰ চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী সভা সম্প্ৰসাৰণ কৰিলে৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰীসভাত ৭জনকৈ নতুন মন্ত্ৰীয়ে ঠাই লাভ কৰিব৷ মন্ত্ৰীসভাত মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ বিপিএফৰ এগৰাকী আৰু অগপৰ এগৰাকী আৰু বাকী কেইজন বিজেপিৰ বিধায়কে বৃহস্পতিবাৰে মন্ত্ৰী হিচাপে শপত লব৷ 

মুঠ ৭গৰাকী বিধায়কক ৰাজ ভৱনত ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰাব৷ বৃহস্পতিবাৰে ৰাজভৱনত অনুষ্ঠিত হ’বলগীয়া মন্ত্ৰীসভাৰ বৈঠকত শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসকলে৷ ৭গৰাকী মন্ত্ৰীৰ ভিতৰত বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য, ফণীভূষণ চৌধুৰী, চন্দন ব্ৰহ্ম আৰু ছুম ৰংহাঙে কেবিনেট মন্ত্ৰী হিচাপে কাইলৈ শপত লব৷ আনফালে পীয়ুষ হাজৰিকা, তপন গগৈ আৰু ভৱেশ কলিতাই ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ লব বুলি জানিব পৰা গৈছে৷

সম্পূৰ্ণ দুটা বছৰ পাৰ হোৱাৰ অন্তত হে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বৃদ্ধি কৰিলে মন্ত্ৰীৰ সংখ্যা। পূৰ্বে একাধিক ঘোষণা সত্বেও সম্প্ৰসাৰণ হোৱা নাছিল মন্ত্ৰীসভা। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আৰু মুখ্যমন্ত্ৰী সোণোৱালে এটাৰ পিছত এটাকৈ অজুহাত দেখুৱাই পিছুৱাই লৈ গৈ আছিল মন্ত্ৰীসভা সম্প্ৰসাৰণৰ দিন-বাৰ। 

বহুতেই কোন কোন বিধায়ক মন্ত্ৰীসভাত অন্তৰ্ভূক্ত হ’ব সেই লৈ গুণা-গথা চলাই গৈছিল। ৰাইজে আশা কৰা ধৰণে বিজেপি নেত্ৰী বটদ্ৰৱাৰ বিধায়িকাই মন্ত্ৰীত্ব লাভ কৰাটো খাতাং আছিল যদিও শেষ মুহূৰ্তত মন্ত্ৰীত্বৰ তালিকাত নাম নাথাকিল বিধায়িকাৰ৷ 

এগৰাকী মহিলা বিধায়িকাই মন্ত্ৰীত্ব লাভ কৰিব বুলি আশা কৰা হৈছিল৷ শাসকীয় দলৰ দুগৰাকী বিধায়িকাৰ ভিতৰত বটদ্ৰৱা সমষ্টিৰ আঙুৰলতা ডেকাৰ নামটো উচ্চাৰণ হৈ আছিল যদিও বিজেপিৰ এগৰাকী নেত্ৰীৰ বাবেই তেওঁ মন্ত্ৰীত্ব লাভ নকৰা বুলি খবৰ আহিছে৷ খবৰ মতে বিজেপিৰ জ্যেষ্ঠ নেত্ৰীয়ে আঙুৰলতা ডেকাক মন্ত্ৰীত্ব লাভৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছিল৷ কিয়নো নেত্ৰীগৰাকীয়ে তেওঁ পৰিয়ালৰ লোকক মন্ত্ৰীত্ব দিবৰ বাবে চেষ্টা চলাই গৈছিল৷ 

যাৰ পৰিণতিত দুগৰাকী মহিলাক মন্ত্ৰীত্ব দিয়াত সম্ভৱ নোহোৱাত অৱশেষত হিমন্ত বিশ্ব শৰ্মাৰ আপোন পীয়ুষ হাজৰিকাই মন্ত্ৰীত্ব লাভ কৰে৷ আনহাতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই মন্ত্ৰীত্ব লাভ কৰাৰ ক্ষেত্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ হাত আছে বুলি খবৰ ওলাইছে৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীৰ সৈতে মঙলদৈৰ সাংসদ ৰমেন ডেকাৰ সুসম্পৰ্ক আছে৷ যাৰ ফলত ৰমেন ডেকাৰ আপোন মানুহ হিচাপে ভৱেশ কলিতাই মন্ত্ৰীত্ব লাভ কৰাত সহজ হৈ পৰে৷ কিন্তু এগৰাকী প্ৰভাৱশালী নেত্ৰীৰ বাবে মন্ত্ৰীসভাত এগৰাকী মহিলাই মন্ত্ৰীত্ব লাভৰ পৰা বঞ্চিত হয়৷ 

সূত্ৰটোৱে জনোৱা মতে মোহময়ী বিধায়িকা গৰাকীয়ে মন্ত্ৰীত্ব লাভ কৰাটো ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বও বিচাৰিছিল৷ ইপিনে মন্ত্ৰীত্বৰ তালিকা প্ৰকাশ পোৱাৰ পিছতে নাৰাজ হৈ পৰা বুলি জানিব পৰা গৈছে বিজেপি নেতা৷ বিজেপিৰ জ্যেষ্ঠ নেতা দিছপুৰৰ বিধায়ক অতুল বৰা, মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ এগৰাকী বিধায়ক আৰু কেইবাগৰাকী বিজেপিৰ নেতা নাৰাজ বুলি খবৰ আহিছে৷

ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই মন্ত্ৰীত্ব লাভ কৰাৰ পিছতে ৰঙিয়াত বিজেপিৰ নেতা-কৰ্মীয়ে ফটকা-ফুটাই আনন্দ প্ৰকাশ কৰে৷ দলীয়া কৰ্মকৰ্তাই বিজেপিৰ ৰঙিয়া কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই আনন্দ উল্লাস কৰে। 

বিধায়কগৰাকীয়ে মন্ত্ৰী সভাত ঠাই লাভ কৰাত ৰঙিয়াবাসীৰ লগতে দলৰ কৰ্মকৰ্তাই আনন্দ প্ৰকাশ কৰে৷ ইফালে বিধায়কগৰকীয়ে মন্ত্ৰীত্ব পোৱাটো নিশ্চিত হোৱাৰ লগে লগে ৰঙিয়াৰ বহু দলীয় কৰ্মকৰ্তা বিধায়কগৰাকীক শুভেচ্ছা প্ৰদান কৰিবলৈ গুৱাহাটীত উপস্থিত হয়৷

বিধায়ক কলিতাক ভাৰতী জনতা পাৰ্টিৰ উত্তৰ কামৰূপ জিলা সমিতি, উত্তৰ কামৰূপ সংখ্যালঘু মৰ্চা, ৰঙিয়া নগৰ মণ্ডল সমিতি, ৰঙিয় ব্লক মণ্ডল সমিতি, এচটি মৰ্চা, যুৱ মৰ্চা, মহিলা মৰ্চা আদিকে কৰি দলটোৰ আন আন সমিতি সমূহেও শুভেচ্ছা জ্ঞাপন কৰে৷