
কাজিৰঙাঃ অহা ১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী বন্ধ কৰা হৈছে। বৰষুণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ককাজিৰঙাৰ বন কৰ্তৃপক্ষই বুধবাৰে এই কথা ঘোষণা কৰে। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, প্ৰতিকুল বতৰ আৰু বাৰিষাৰ আৰম্ভণিৰ বাবেই অহা ১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰি বন্ধ কৰা হৈছে।
ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াই স্বাক্ষৰ কৰা বিবৃতিত পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই নিৰ্দেশ বলৱৎ হৈ থাকিব বুলি কয়। উল্লেখ্য যে, বিগত বৰ্ষৰ ২ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল হাতী ছাফাৰী।
বিগত বৰ্ষৰ তিনিটাকৈ প্ৰলংয়কাৰী বানৰ পাছত উদ্যানৰ অন্তৰ্ভাগ একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছিল। পৰ্যটকৰ স'তে জড়িত দূৰদৰ্শী লোকে সম্পূৰ্ণ ভাৱে মুকলি কৰিব নোৱাৰা পৰ্যন্ত কাজিৰঙা উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব নালাগে বুলি জনাইছিল যদিও বনবিভাগৰ একাংশ বিষয়াৰ উদ্ধতালিৰ বাবে আংশিক ভাৱে মুকলি কৰা হয় কাজিৰঙা।
ইপিনে, সম্পূৰ্ণ ভাৱে মুকলি নোহোৱা কাজিৰঙাত দেশী-বিদেশী পৰ্যটক উপস্থিত হৈ বন্যজন্তু ভালদৰে নেদেখাত একপ্ৰকাৰ আশাহত হৈ পৰে।সেই খবৰ বিয়পি পৰাত পৰৱৰ্তী সময়ত কাজিৰঙা সম্পূৰ্ণ ভাৱে মুকলিৰ পাছতো পৰ্যটকৰ সংখ্যা আচৰিত ধৰণে হ্ৰাস পায়। শেহতীয়াকৈ হোৱা বৰষুণৰ বাবে কাজিৰঙাত হাতীৰে উদ্যান দৰ্শনত পৰ্যটকে সমস্যাৰ সন্মুখীন হৈছে৷ যাৰ বাবেই হাতী ছাফাৰি বন্ধ কৰাৰ ঘোষণা কৰা হয়। অৱশ্যে জীপ ছাফাৰিৰে উদ্যান দৰ্শন এতিয়াও বন্ধ কৰা নাই উদ্যান কৰ্তৃপক্ষই৷ উদ্যানৰ পথ সমূহ জীপ ছাফাৰিৰ বাবে উপযোগী হৈ থকালৈকে জীপ ছাফাৰি পৰ্যটকৰ বাবে চলি থাকিব বুলি জানিব পৰা গৈছে৷