
নগাঁওঃ প্ৰাক্তন কংগ্ৰেছ নেতা তথা মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰী সভাৰ অন্যতম মন্ত্ৰী ৰছিদুল হকে বৃহস্পতিবাৰে মৃত্যুক আকোৱালি লয়৷
নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁও নিবাসী, প্ৰাক্তন মন্ত্ৰী ৰছিদুল হকৰ বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।
জানিব পাৰ মতে, বৃহস্পতিবাৰে পুৱা হক হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালে৷ পুৱাৰে পৰা চিকিৎসাৰ অন্তত বিয়লি শেষ নিশ্বাস ত্যাগ কৰে হকে।
প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া চৰকাৰৰ পশুপালন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল হকে৷ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। প্ৰবীন সংখ্যালঘু নেতাগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।