২৫-২৬ মে’ত নগাঁৱত বৰদৈচিলা বিহু

নগাঁওঃ ৰাজ্যত বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰি এক সুকীয়া আসন দখল কৰা নগাঁৱৰ বৰদৈচিলা বিহু উৎসৱ অহা ২৫ আৰু ২৬ মে'ত অনুষ্ঠিত হ'ব। নগাঁৱৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান নৱৰূপটি শিল্পী সংঘৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বৰদৈচিলা বিহু উৎসৱ উদযাপন সমিতিৰ বিহু উৎসৱৰ নতুন সমিতি ইতিমধ্যে গঠন কৰে। 

নৱৰূপটি শিল্পী সংঘৰ পানীগাঁৱৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত মুনীন্দ্ৰ শইকীয়াক সভাপতি, অশোক কুমাৰ বৰাক কাৰ্যকৰী সভাপতি, ধৰ্মেশ্বৰ হাজৰিকা আৰু সঞ্জীৱ কুমাৰ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। 

প্ৰশান্ত বৰঠাকুৰক মুখ্য উপদেষ্টা, জয়ন্ত মাধৱ শইকীয়াক কোষাধ্যক্ষ, স্বপ্নজ্যোতি বৰা আৰু ধৰ্মকান্ত শইকীয়াক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। ৰূপালী জয়ন্তী অতিক্ৰম কৰা বৰদৈচিলা বিহু উৎসৱ উদযাপন সমিতিয়ে চলিত বৰ্ষৰ ২৫ আৰু ২৬ মে’ত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অষ্ট বিংশতিতম বিহু উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷