
ডিব্ৰুগড়ঃ পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ যোৱা চাৰিদিন ধৰি আৰক্ষীয়ে কোনোধৰণৰ শুংসুত্ৰ লাভ নকৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ আলফা চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম হোতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য কালৰ ঘনিষ্ঠ বন্ধু ৰেৱতী ফুকন গুৱাহাটীৰ ঘৰৰ পৰা নিৰুদ্দেশ হয়৷
ৰেৱতী ফুকনৰ নিৰুদ্দেশ সন্দৰ্ভত ২৫ এপ্ৰিলত আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহায়ে এখন সংবাদমেল অনুষ্ঠিত কৰি অসম আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰা বুলি কয়৷ ৰে’ল ষ্টেচন, বিমানবন্দৰ সকলোৰে পৰা তথ্য সংগ্ৰহ কৰাৰ লগতে চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি থকা বুলি উল্লেখ কৰে যদিও নিৰুদ্দেশ সন্দৰ্ভত কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে৷
জানিব পৰা মতে, ২২ এপ্ৰিলৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে আছে বুলি পুত্ৰ কৌশিক ফুকনে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই খবৰ লাভ কৰাৰ পিছতে পৰিয়াল চিন্তিত হৈ পৰিছে৷ ৰেৱতী ফুকনৰ বৰ্তমালৈ কোনো শুংসূত্ৰ উদ্ধাৰ হোৱা নাই৷
ৰেৱতী ফুকনৰ পুত্ৰ কৌশিকে জনোৱা মতে বিগত দুদিন ধৰি পিতৃৰ মোবাইল বন্ধ হৈ আছিল৷ হঠাৎ যোগসূত্ৰ নোহোৱা হৈ পৰাত তিনিচুকীয়া আৰু মুম্বাইত থকা পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে। তিনিচুকীয়াৰ পৰা মঙলবাৰে পুৱাই গুৱাহাটীৰ জোৰোডস্থিত গৃহত উপস্থিত হৈ পুত্ৰ কৌশিকে পিতৃক ঘৰত বিচাৰি নাপাই বিবুদ্বিত পৰি ফুকন হৃদৰোগতো আক্ৰান্ত বুলি পৰিয়ালে জানিবলৈ দিয়ে৷
আনহাতে এই ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে নিৰুদ্দেশ পিচিজিৰ সদস্যগৰাকীৰ সন্ধান উলিয়াবৰ বাবে ৰাজ্যৰ গৃহ বিভাগক দাবী জনাই ক্ষোভ প্ৰকাশ কৰে কেইবাটাও সংগঠনে৷ এক বিবৃতি যোগে মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা আৰু সম্পাদক উজ্জল বৰুৱাই শীঘ্ৰে ফুকনক বিচাৰি উলিয়াবলৈ দাবী জনায়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়ব্ৰত গোহাঁয়ে অসম চৰকাৰক ৰেৱতী ফুকন বিচাৰি উলিয়াবলৈ দাবী জনায়৷
উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁৱৰ দীঘলীপথাৰৰ ৰেৱতী ফুকনৰ ঘৰ যদিও তেওঁ গুৱাহাটীতে থাকে৷ পিতৃ গৃহত তেওঁৰ ভাতৃ লক্ষ্যধৰ ফুকনে বসবাস কৰে। ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকন তিনিচুকীয়াত থাকে। ইফালে গুৱাহাটীৰ জুৰোডস্থিত ফ্লেটতো পৰিয়ালৰ লোক নাথাকে। ৰেৱতী ফুকনৰ দুই জী আৰু পত্নী ৰেণু ফুকন সহ পৰিয়ালটো মুম্বাইতহে থাকে।
২৪ এপ্ৰিলৰ পুৱা সাত বজাত পুত্ৰ কৌশিক উপস্থিত হৈ ঘৰৰ দুৱাৰ খোলা আছিল যদিও শোৱনি কোঠাৰ তলা বন্ধ প্ৰত্যক্ষ কৰে৷ ৰেৱতী ফুকনৰ ঘৰ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ ওৰফে পৰেশ অসমৰ গৃহৰ পৰা প্ৰায় মাত্ৰ পাঁচশ মিটাৰ নিলগত। বাল্য জীৱনৰ পৰাই দুয়োৰে ভাল সম্পৰ্ক থকা বুলি চৰ্চা লাভ কৰি আহিছে। অালফা সেনাধ্যক্ষ পৰেশ বৰুৱাক এসময়ত ফুটবল শিকোৱা অাৰু পৰৱৰ্তী সময়ত অালফাৰ সেনাধ্যক্ষজনে সংগ্ৰামী জীৱনত গুৰু হিচাপে মানি লোৱা ৰেৱতী ফুকন নিৰুদ্দেশ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷