
নগাঁওঃ বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে বৃহস্পতিবাৰে দলৰ ৰাজ্যিক নীতি নৰ্ধাৰণ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ লগতে আন কেইবাগৰাকী নেতা-বিধায়ক নাৰাজ হৈ পৰিছে৷ বিজেপিৰ মন্ত্ৰী সভা সম্প্ৰসাৰণ কৰাৰ পিছতে নাৰাজ বিধায়কৰ তালিকা দীঘল হৈ পৰিছে৷ জানিব পৰা মতে, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, দিছপুৰৰ বিধায়ক অতুল বৰা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা, বৰাকৰ বিজেপিৰ সংখ্যালঘু নেতা তথা সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ, মৰিগাৱৰ বিধায়ক ৰমাকান্ত দেউৰী আদি নাৰাজ হৈ পৰিছে৷
বুধবাৰে নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পিছতে বিজেপিত ভিতৰ চৰাত ধুমুহাৰ সৃষ্টি কৰে৷ এজনৰ পিছত এজন বিজেপি নেতা-কৰ্মী নাৰাজ হৈ পৰাৰ পিছতে বিপাঙত পৰে ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক বিজেপি৷ তাৰ পিছতে মৰিগাৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মন্ত্ৰিত্ব লাভ নকৰাত কেইবাটাও সংগঠনে শুকুৰবাৰে অসম বন্ধ ঘোষণা কৰে৷ বন্ধৰ সময়ছোৱাত মৰিগাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ গাড়ীৰ চালকক মাৰধৰ কৰাৰ ঘটনা সংঘটিত হয়৷
সোণোৱাল মন্ত্ৰীসভাত স্থান লাভৰ পৰা বঞ্চিত হৈ ৰোৱা তিৱা জনগোষ্ঠীৰ নেতা তথা মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক মন্ত্ৰিত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে তিৱা ছাত্ৰ সন্থা, জাতীয় ঐক্য মঞ্চ, কোচ ৰাজবংশী ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও দল-সংগঠন৷ পুৱা ৫ বজাৰপৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ পৰিপ্ৰেক্ষিতত পুৱাৰে পৰা স্তব্ধ হৈ পৰিছে মধ্য অসমৰ জনজীৱন।
বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া কহুৱাআটি, দলংঘাট, বৰছিলা আদি স্থানত বিধায়ক ৰমাকান্ত দেউৰীক মন্ত্ৰিত্ব প্ৰদান নকৰাত বহু লোকে ৰাজপথ অৱৰোধ কৰাৰ লগতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে৷ একাংশ লোকে কয় বিগত বিধানসভা নিৰ্বাচনত সকলো জাতি-জনগোষ্ঠীকে সম অধিকাৰ, সম মৰ্যাদা, সম বিকাশৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিছিল বিজেপিয়ে৷ সেই সময়ৰ তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীক বিধানসভাত উপযুক্ত মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই বিজেপি, অগপ, তিৱা জাতীয় ঐক্য মঞ্চৰে মিত্ৰতা কৰি দেউৰীক বিজেপিৰ টিকট দিছিল আৰু আজি সেই মানুহজনক বঞ্চিত কৰিলে বিজেপিয়ে।
দুয়ো নেতাই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে তিৱা জনগোষ্ঠীকো চূড়ান্ত প্ৰতাৰণা আৰু অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ইয়াৰ উচিত প্ৰত্যুত্তৰ জনগোষ্ঠীয় ৰাইজে দিব বুলি প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে। অৱশ্যে পিছত প্ৰতিবাদস্থলী অধিক উত্তপ্ত হৈ পৰাত মিকিৰভেটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷