মুকেশ সাহাইক বিশেষ মৰ্যদাৰে বিদায়, কুলধৰ শইকীয়াই গ্ৰহণ কৰিলে আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব

গুৱাহাটীঃ দীৰ্ঘ দিনে আৰক্ষীৰ কেইবাটাও উচ্চ পদস্থ পদত কাৰ্যনিৰ্বাহ কৰা আইপিএছ বিষয়া মুকেশ সাহায়ে অৱশেষত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিলে সোমবাৰে৷ দীৰ্ঘ চাকৰিৰ জীৱনৰ অভিজ্ঞতা ৰোমন্থন কৰি সোমবাৰে সাহাইয়ে আৱেগিক হৈ পৰে৷ বিদায় বেলাত অসমৰ কথাকে কৈ স্মৃতি ৰোমন্থন কৰিলে সাহাইয়ে৷

বিশেষকৈ যোৱা সময়ছোৱাত অসমত উগ্ৰপন্থীৰ সমস্যা ব্যাপক হাৰত কম হৈ অহাটোৱে সফলতা বুলি কব খুজিলে৷ এনআৰচিৰ কথাও উল্লেখ কৰি খচৰা প্ৰকাশৰ দিনটো সুখৰ আছিল বুলি কয়৷ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায়ে সোমবাৰে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ লগে লগে অসম আৰক্ষীৰ কাহিলীপাৰাস্থিত চতুৰ্থ বাহিনীৰ পথাৰত অসম আৰক্ষীয়ে বিশেষ মৰ্যদাৰে বিদায় দিয়ে৷ 

সাহাইয়ে সোমবাৰৰ দিনটো পদ চম্ভালি লৈ মঙলবাৰৰ পৰা নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই চম্ভালি আৰক্ষী সঞ্চালক প্ৰধান পদ৷ আনহাতে কুলধৰ শইকীয়া দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজ্যৰ নাগৰিকক নিৰাপত্তা দিয়াৰ আশ্বাস দিয়ে।

নাৰী বিৰুদ্ধে সংঘটিত ঘটনা ৰোধ কৰাৰ চেষ্টা কৰা লগতে মানৱ সৰবৰাহ ৰোধ কৰাৰ আশ্বাস দিয়ে৷ পিচিজি নেতা ৰেৱতী ফুকন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নতুন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে তদন্তত ক্ৰুতি কৰা নাই বুলি কয়৷ আনহাতে নাৰী জনিত অপৰাধ অভিযোগ যিকোনো মুহূৰ্তত দিবলৈ তেওঁৰ নম্বৰটো প্ৰকাশ কৰে৷