অসমত আছে ১,৩৫,৬৭৭গৰাকী শিশু শ্ৰমিক, কোনে শুনিব শিশু শ্ৰমিকৰ আতৰ্নাদ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

নগাঁওঃ পুঁজিপতিৰ হাতোৰাত বন্দী শ্ৰমিকৰ ভৱিষ্যতক লৈ বিশ্বৰ বিভিন্ন শ্ৰমিক সংগঠনে সৰৱ হৈ আহিছে৷ বিশ্বৰ খাতিখোৱা শ্ৰমিকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহাৰ ইতিহাস আজিৰ নহয়৷ যুগ যুগ ধৰি খাতিখোৱা শ্ৰমিকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ কপালৰ ঘাম মাটিত পেলাই দিনৰ দিনটো শ্ৰম কৰা শ্ৰমিকসলে নিজৰ ঘৰখন-পৰিয়ালটো চলাবলৈ সামৰ্থ নোহোৱাৰ ফলত কামৰ বিপৰীতে উচিত মজুৰি বিচাৰি আহিছে৷ 

কিন্তু শ্ৰমিকে কাম কৰাৰ বিনিময়ত উচিত মজুৰি কােনো কালে লাভ কৰা নাই বুলি শ্ৰমিকে অভিযোগ উত্থাপন কৰি আহিছে৷ যাৰ ফল স্বৰূপে শ্ৰমিকসকলে বিভিন্ন সময়ত নিজ অধিকাৰৰ বাবে যুঁজ দিব লগা হৈছে৷ শ্ৰমিকৰ যুঁজ খনৰ ইতিহাস আৰম্ভ হৈছিল ১৮৮৬ চনত৷ যেতিয়া যুক্তৰাষ্টৰ শ্ৰমিকক অন্যায়-অবিচাৰ কৰা হৈছিল তেতিয়াই শ্ৰমিকৰ ক্ষোভৰ উকমুকণি আৰম্ভ হৈছিল৷ 

শ্ৰম কৰাৰ সময় চমু কৰাৰ দাবীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোৰ ৰাজ পথলৈ ওলাই আহিছিল শ্ৰমিকসকল৷ সিদিনা আছিল ১৮৮৬ চনৰ ১ মে’৷ যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক শ্বহীদ হয়৷ তেতিয়াৰ পৰাই ০১ মে’ৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰি আহিছে সমগ্ৰ বিশ্বই৷ আমাৰ অসমতো বিভিন্ন প্ৰান্তত শ্ৰমিক দিৱস পালন কৰা হৈছে৷

সৰ্বত্ৰে নানা কাৰ্যসূচীৰে উদযাপিত হোৱা এই শ্ৰমিক দিৱসৰ সফলতাৰ মাজতে অসমৰ হাজাৰ-বিজাৰ শিশু শ্ৰমিকৰ অসহায়, কৰুণ আৰ্তনাদক কোনো গুৰুত্ব প্ৰদান কৰিব তাক লৈ চিন্চা চৰ্চা আৰম্ভ হোৱা উচিত বুলি ধাৰণা কৰিব পাৰি৷ ধূলি-বালিৰে উমলি ফুৰাৰ বয়সতো এই দুৰ্ভগীয়া শিশুসকলে এমুঠি অন্ন, এযোৰ বস্ত্ৰৰ বাবে পুৱাৰে পৰা নিশা পৰ্যন্ত কঠোৰ পৰিশ্ৰম কৰিহে ধাৰণ কৰিবলগীয়া হৈছে৷

শ্ৰমিক দিৱস যেন এই পৰিশ্ৰমী অবুজ শিশুসকলৰ কাৰণে এক বুজাব নোৱাৰা সাঁথৰ হে মাথো৷ প্ৰণিধানযোগ্য যে, শেহতীয়াকৈ এক বেচৰকাৰী সংস্থাই প্ৰকাশ কৰা সমীক্ষা অনুসৰি সমগ্ৰ অসমৰ মুঠ ১,৩৫,৬৭৭ টি শিশু শ্ৰমিকৰ ভিতৰত কেৱল নগাঁও জিলাতে সম্প্ৰতি ১১,৩২২ টি শিশু শ্ৰমিকে এক যন্ত্ৰণাদায়ক জীৱন অতিবাহীত কৰিব লগাত পৰিছে৷ তেনেদৰে ৰাজ্যখনৰ প্ৰতিখন জিলাত আছে শিশু শ্ৰমিক৷

দৰিদ্ৰতাই কোঙা কৰি ৰখা এই শিশু শ্ৰমিকসকলে সমবয়সৰ আভিজাত পৰিয়ালৰ শিশুবোৰৰ দৰে হাঁহি-তামাচাৰে সোণালী শৈশৱ পাৰ কৰিবলৈ কাহানিও সময় উলিয়াব পৰা নাই৷ কাৰণ পুৱাৰে পৰা দুভাগ নিশালৈকে হাড়ভঙা পৰিশ্ৰম কৰিলেহে এসাঁজ খাবলৈ পায় নতুবা এযোৰ কাপোৰ পিন্ধিবলৈ পায়৷ কাজেই, পেটৰ ভাত মুঠিৰ লগতে লাজ নিবাৰণৰ শৰীৰৰ বস্ত্ৰৰ বাবে পাঁচ বছৰৰ পৰা চৈধ্য বছৰ বয়সৰ শিশুসকলে জিলাখনৰ হোটেল, ধাবা, গেৰেজ বা কাৰখানা আদিত কাম কৰিবলৈ বাধ্য হৈছে৷

কোৱা বাহুল্য মাথোন, বিদ্যালয়ৰ সুস্থ শৈক্ষিক পৰিবেশৰ মাজত ডেক্স-বেঞ্চত বহি পাঠ আওৰাই শিশুসকলে যিটো সময়ত শৈশৱ পাৰ কৰিব লাগিছিল, সেই সময়তে কিন্তু এই নিঃসহায় শিশুসকলে হোটেল, ধাবা বা ৰেষ্টুৰেণ্টৰ পিছফালৰ কদৰ্যময় পৰিৱেশত বহি বাচন ধুইছে বা গেৰেজত হাতুৰিৰে লোহা কোবাইছে৷ আনহাতে আন একাংশই আকৌ বিদ্যালয়লৈ যোৱাৰ পৰিবৰ্তে গৃহস্থৰ পদূলিয়ে পদূলিয়ে বেচি ফুৰিছে আলু, কচু, বেঙেনা তথা যাত্ৰীবাহী বাছত ঘুৰি ফুৰিছে হেণ্ডিমেন হিচাপে৷ 

উল্লেখ্য যে, প্ৰধানকৈ সংখ্যালঘূ অধ্যুষিত অঞ্চলৰ সৰ্বাধিক শিশুৰ উপৰি চাহ জনগোষ্ঠী, অনুসূচিত জাতি আৰু জনগোষ্ঠীৰ শিশুবোৰেই ঘাইকৈ কেইটামান টকাৰ বিনিময়ত মজুৰি কৰি অপৈণত কোমল দেহ অকালতে ঘূণীয়া কৰা দেখা গৈছে৷ তদুপৰি ভীষণ আৰ্থিক দীনতাৰ বাবেই বহু শিশুক আকৌ নিজৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে বিভিন্ন ঠাইলৈ শ্ৰম কৰিবলৈ জোৰ জবৰদস্তি বা কেতিয়াবা মাৰপিট কৰিও পঠিওৱা দেখিবলৈ পোৱা যায়৷ 

আনকি মাত্ৰ ডেৰ-দুহাজাৰ টকা মাহিলি বেতনত লোকৰ ঘৰত কাম কৰা শিশুসকলৰ অধিকাংশই গৰাকীৰ অমানৱীয় শাৰীৰিক-মানসিক নিৰ্যাতনত ঘূণীয়া হ’বলগীয়াতো পৰে৷ কিন্তু শিশুসকলৰ সৰ্বাংগীন উন্নয়ণৰ নামত ফটা ঢোল কোবোৱাত সিদ্ধহস্ত ৰাজ্যৰ শিক্ষা বিভাগে এই দুৰ্ভগীয়া শিশু শ্ৰমিকসকলৰ এনে কদৰ্যময় জীৱনৰ প্ৰতি চকু দিয়াৰ যেন অলপো আহৰি নাই৷

গতিকে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ, শিশু শ্ৰমিক আইন আদিক প্ৰহসনত পৰিণত কৰি তুলিছে এই শিশু শ্ৰমিকসকলৰ যন্ত্ৰণাদায়ক জীৱনে৷ পাৰিবনে বাৰু সৰ্বশিক্ষাই ইহঁতবোৰৰ কঠিন হাত দুখনত জ্ঞানৰ বন্তিগচি তুলি ধৰিব? এয়া এক জটিল সাথৰ হৈ পৰিছে৷