অসমীয়া ভাষাক উদ্ধাৰ কৰা ভাষাৰ ওজাক ৰাজ্যজুৰি স্মৰণ, গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিমূৰ্তি উন্মোচন

গোৰেশ্বৰ/মোৰাঝাৰ/গুৱাহাটীঃ অসমীয়া ভাষাৰ সংকট কালত যিগৰাকী লোকে নিজে উদ্যোগত ভাষাটোক উদ্ধাৰ কৰি গৈছে তেওঁ হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা৷ অসমীয়া ভাষা-সাহিত্যৰ একনিষ্ঠ সাধক, অসমীয়া ভাষাৰ ওজা, হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাক মঙলবাৰে সমগ্ৰ ৰাজ্যই স্মৰণ কৰে৷

অসমীয়া ভাষাৰ ওজা নামেৰে বিখ্যাত অসমীয়া গৰাকীক উজনিৰ পৰা নামনিলৈ ৰাইজে সশ্ৰদ্ধ প্ৰণাম যাচে৷ মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ প্ৰেক্ষাগৃহত হেমকোষ প্ৰকাশন আৰু অসমৰ অন্যতম সংবাদ গোষ্ঠী সাদিন-প্ৰতিদিন গোষ্ঠীয়ে হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস বৰ্ণিল কাৰ্যসূচীৰে পালন কৰে৷ 

কেইবাগৰাকী সাহিত্যিক, ছাত্ৰনেতা, কৃষক নেতা, সাংবাদিক, শিক্ষাবিদ আদি উপস্থিত থাকি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক শ্ৰদ্ধা যাচে৷ বৰ্ণিল অনুষ্ঠানত গোলোকচন্দ্ৰ গোস্বামীক হেমচন্দ্ৰ বৰুৱা ভাষা সাহিত্য সাধনা বঁটা আৰু ইলোৰা বিজ্ঞান মঞ্চক হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা বঁটা প্ৰদান কৰা হয়।

লুইতৰ পাৰত জিলিকা থকা অসমৰ শিক্ষাৰ পোহৰ বিলোৱা অন্যতম শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত ভাষাৰ ওজাগৰাকীৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে সাহিত্য অকাডেমীৰ অধ্যক্ষ ড০ চন্দ্ৰশেখৰ কম্বাৰে। কম্বাৰে এয়া এক সজীৱ হৈ থকা ইতিহাস বুলি কয়৷ 

পৃথিৱীত এনে বহু কম মানুহ আছে যিয়ে মৃত্যুৰ বহু বছৰ পিছতো এনে বিৰল সন্মান লাভ কৰে৷ ভাষাৰ ওজাক পাহৰি নাযাবলৈ কৈ তেওঁৰ কৰ্মৰাজীক জীয়াই ৰাখিব লাগিব বুলি কয় কম্বাৰে৷ আনহাতে কামৰূপ জিলা সাহিত্য সভাই হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস মহানগৰী কাৰ্যালয়ত অনুষ্ঠিত কৰি অসমৰ কেইবাগৰাকী ভাষাবিদক সম্বৰ্ধনা যাচে৷

আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম সাহিত্য সভাৰ বিভিন্ন জিলা সমিতি, শাখা সমিতিয়ে ভাষাৰ ওজাৰ স্মৃতি দিৱস পালন কৰে৷ উজনি-নামনি আৰু অৰুণাচলত ভাষাৰ ওজাৰ স্মৃতি দিৱস পালন কৰে৷ বৰ্ণিল কাৰ্যসূচী অনুষ্ঠিত কৰি শ্ৰদ্ধা যাচে ৰাজ্যবাসীয়ে৷

গোৰেশ্বৰঃ অসম সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস গোৰেশ্বৰ সাহিত্য সভাই পালন কৰে৷ অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে গোৰেশ্বৰ সাহিত্য সভাৰ সভাপতি কৰুণা ডেকাই। পতাকা উত্তোলন কৰি সভাপতিগৰাকীয়ে কয় যে ভাষাৰ সংকটৰ সময়ত যিগৰাকী ভাষাৰ ওজাই নিজে উদ্যোগ লৈ অসমীয়া ভাষাক এক সুকীয়া মৰ্যদা প্ৰদান কৰিছে তেওঁক প্ৰতিজন অসমীয়া সোঁৱৰণ কৰাৰ প্ৰয়োজন।

ইয়াৰ পিছত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে গোৰেশ্বৰ সাহিত্য সভাৰ উপ-সভাপতি সত্যনাথ ঠাকুৰীয়াই। তেওঁ হেমচন্দ্ৰ বৰুৱাৰ লগতে অসমীয়া ভাষাৰ সাধকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। কাৰ্যসূচীত যোৱা ৫ এপ্ৰিলত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে বাক্সা জিলাৰ পৰা নিৰ্বাচিত গোৰেশ্বৰ সাহিত্য সভাৰ সভাপতি কৰুণা ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

মোৰাঝাৰঃ অসম সাহিত্য সভাৰ আহ্বানত হোজাই জিলা সাহিত্য সভাই হোজাই সাহিত্য সভাৰ সহযোগত হোজাই শাখাৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস পালন কৰে৷ কাৰ্যসূচী অনুসৰি অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি ড০ সাৰদানন্দ দেৱগোস্বামীয়ে৷ ৯ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য তৰ্পকৰূপে অংশগ্ৰহন কৰে বিশিষ্ট সাহিত্যিক থৌদাম বাবতোম্বি সিংহই৷ 

বিয়লি বঁটা বিতৰণি আৰু মুকলি সভাত মুখ্য বক্তাৰূপে লামডিং কলেজৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক ড০ ইন্দ্ৰজিত বেজবৰুৱা উপস্থিত থাকে৷ জিলা সভাপতি সাৰদানন্দ দেৱগোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে৷ মুখ্য বক্তা ড০ ইন্দ্ৰিজিত বেজবৰুৱাই ভাষণ প্ৰসংগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জীৱনী আলোকপাত কৰি কয় যে অসমীয়া ভাষাৰ এই ৰূপ দিয়াত হেমচন্দ্ৰ বৰুৱাৰ অৱদান আমি সকলোৱে স্বীকাৰ কৰিব লাগিব৷ 

অসম সাহিত্য সভাই দুগৰাকী ভাষাবিদ ড০ সাৰদানন্দ দেৱগোস্বামী আৰু ড০ নিৰদা মহন্তক সম্বৰ্ধনা জ্ঞাপন কৰে৷ মুকলি সভাৰ পূৰ্বে এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ সভাত হোজাই জিলা সাহিত্য সভাৰ বিষয়-ববীয়া সকলৰ লগতে নীলবাগান, যোগীজান, লংকা আদি বিভিন্ন শাখা সাহিত্য সভাৰ বিষয়-ববীয়াই অংশ গ্ৰহণ কৰে৷