মুম্বাইত বড়ো চচাইটিৰ উদ্যোগত বৈশাগু পালন, মুম্বাইত নিৰ্মাণ হ’ব বড়োলেণ্ড অতিথিশালা

কোকৰাঝাৰঃ মুম্বাই বড়ো চচাইটিৰ উদ্যোগত আৰু ৰংজালি বৈশাগু উদযাপন সমিতিৰ সহযোগত মুম্বাইৰ চিডো চহৰৰ ইণ্ডাছট্ৰিয়েল ডেভেলপমেণ্ট কনভেনচন চেণ্টাৰত বিপুল উলাহ উদ্দীপনাৰে মুম্বাইস্থিত বড়ো সমাজে বৈশাগু উৎসৱ পালন কৰে। বিভিন্ন চৰকাৰী-বেচৰকাৰী, ব্যক্তিগত-ৰাজহুৱা খণ্ড-প্ৰতিষ্ঠানত কৰ্মৰত উচ্চ পদস্থ বিষয়াকে ধৰি মুম্বাইত বসৱাস কৰা প্ৰায় পাঁচ শতাধিক বড়ো লোক উপস্থিত থাকে৷

অনুষ্ঠানত মাছুম নাৰ্জাৰী আৰু মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োও উপস্থিত থাকে। অনুষ্ঠানত মুম্বাই বড়ো চচাইটিৰ দাবী অনুসৰি অতি শীঘ্ৰেই মুম্বাইত বড়োলেণ্ড অতিথিশালা নিৰ্মাণ কৰা হ’ব বুলি সদৰি কৰি বিধায়ক চৰণ বড়োই এইক্ষেত্ৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। 

মুম্বাইত বড়োলেণ্ড অতিথিশালা নিৰ্মান হলে ছাত্ৰ-ছাত্ৰী, মুম্বাইত কৰ্মৰত লোকসকল, চিকিৎসা আৰু অইন কামৰ বাবে মুম্বাইলৈ যোৱা লোকসকলৰ প্ৰভূত সহায়ক হ’ব বুলি মন্তব্যৰে বিধায়ক চৰণ বড়োই আন ৰাজ্যৰ দৰে মুম্বাইতো নিৰ্মাণ হ’ব বুলি মত পোষণ কৰে। বৈশাগু উৎসৱৰ সমান্তৰালভাৱে এক গেট টুগেদাৰ অনুষ্ঠানো অনুষ্ঠিত হয়, যত মুম্বাইত বসৱাস কৰা বড়োসকল অংশগ্ৰহণ কৰি আহ্লাদিত হৈ পৰে। ইপিনে মুম্বাই বড়ো চচাইটিৰ সম্পাদক বীৰেন্দ্ৰ স্বৰ্গীয়াৰীয়ে অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে সকলো পক্ষক কৃতজ্ঞতা জনাই মুম্বাইত শীঘ্ৰে বড়োলেণ্ড অতিথিশালা নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰে।