ৰেকিবুদ্দিনৰ সমষ্টিলে নাহিল হিমন্ত, গৰৈমাৰিত মন্ত্ৰী অতুল-পীয়ুষে কৰিলে আধাৰশিলা স্থাপন

গৰৈমাৰিঃ দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিৰ গৰৈমাৰীত মঙলবাৰ ৰাজ্যৰ কৃষি মন্ত্ৰী মন্ত্ৰী অতুল বৰা আৰু নৱ নিযুক্ত মন্ত্ৰী পীয়ুষ হাজৰিকাই কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰে৷ সমষ্টিৰ প্ৰাক্তন বিধায়ক, অগপ নেতা তথা খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ ডা০ কমলা কলিতাৰ উপস্থিতিত আঁচনি সমূহ আধাৰশিলা স্থাপন কৰে৷

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যসূচীত উপস্থিত থকাৰ কথা আছিল যদিও অৱশেষত উপস্থিত হোৱা দেখা ন’গল৷ চৰকাৰী এমএছডিপিৰ দ্বাদশ পৰিকল্পনাৰ পুজিৰে আলিকাষ ৰাজ্যিক চিকিৎসালয়, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহ, গৰৈমাৰী বজাৰ গৃহৰ লগতে গৰৈমাৰী টাউন ক্লাৱৰ দৰ্শকৰ গেলাৰী আধাৰশিলা স্থাপন কৰে দুয়ো মন্ত্ৰীয়ে। 

৪টা আঁচনিৰ বাবে মুঠ ৩ কৌটি ৫০ লাখ টকা ব্যায় কৰিব চৰকাৰে। অনুষ্ঠানৰ পিছতে গৰৈমাৰী টাউন ক্লাৱ খেল পথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে অসমত গৰৈমাৰী-ছয়গাঁৱৰ এটা সুকীয়া পৰিচয় আছে। গৰৈমাৰী অঞ্চলৰ বেছি সংখ্যক লোকেই কৃষিজীৱি।

গতিকে আমি কৃষিৰ প্ৰতি গুৰুত্ব দিব লাগিব। এই বেলি আমাৰ চৰকাৰে ৰাজ্যৰ ১০ হাজাৰ গাঁৱৰ আত্মসহায়ক গোটৰ জৰিয়তে খেতিয়কক টেক্টৰ আৰু পাৱাৰ পাম্পৰ ব্যৱস্থা কৰিছো। ৰাজ্যৰ প্ৰতিজন কৃষকক পৰিচয় পত্ৰ দিয়া হ’ব বুলি সভাত ৰাইজক অৱগত কৰে। কংগ্ৰেছ চৰকাৰৰ দিনত কৃষি বিভাগটো ঠিকাদাৰৰ বিভাগলৈ পৰিণত হৈছিল। কিন্ত বিজেপি চৰকাৰে দুৰ্নীতিৰ নিৰ্মুল কৰাৰ বাবে বদ্ধ পৰিকৰ বুলি কয়।

বিজেপি চৰকাৰ খনে অসমৰ সৰ্বাংগীন উন্নয়ন বিচাৰিছে বুলি কয়। আনহাতে খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ ড০ কমলা কলিতাই সভাত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য, গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাতীবৰুৱা, জিলা উন্নয়ন বিষয়া ইস্তাহাৰ কাথাৰ, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ আদি উপস্থিত থাকে।