
ছিপাঝাৰঃ ৰাজ্যৰ থলুৱা যুৱকসকলেও উদ্যোগ গঢ়ি স্বাৱলম্বী হ’ব খোজে৷ এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি থলুৱা যুৱকে নিজৰ পৰিয়াল চলোৱাৰ লগতে আন দহটা পৰিয়ালৰ সন্তানক নিয়োগ কৰিব খোজে৷ তেনে যুৱক অসমত বহু আছে৷ কিন্তু থলুৱা যুৱকক উদ্যোগ গঢ়াৰ বাবে সহায় কৰে নে চৰকাৰে৷ স্বাধীনতাৰ পিছৰে পৰা দেখা যায় যে স্বাধীন ভাৰতৰ কোনো এখন চৰকাৰে থলুৱাৰ যুৱকৰ বাবে উদ্যোগ গঢ়াৰ বাবে নিৰ্দিষ্ট নীতি গ্ৰহণ কৰা নাই৷
শেহতীয়াকৈ যোৱা ৩ আৰু ৪ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে দুদিনীয়াকৈ বিশ্ব বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি দেশী-বিদেশী আলহীক আদৰাৰ নামত কোটি কোটি টকা খৰচ কৰিলে৷ নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক কাৰ্যসূচী অনুষ্ঠিত কৰি ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰিছে যদিও ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ উন্নয়ন তথা থলুৱা যুৱকক স্বাৱলম্বী কৰিবলৈ চৰকাৰে কিঞ্চিত চেষ্টা কৰা দেখা নাযায়৷
দেশৰ আন আন ঠাইৰ উদ্যোগপতি, চুবুৰীয়া দেশৰ শাসকক অসমলৈ মাতি আনি মাটি দিয়াৰ প্ৰতিশ্ৰুতি, কোটি কোটি টকাৰ ৰাজহ দিয়াৰ বাবে সিদ্ধান্ত লয় যদিও ৰাজ্য খনৰ থলুৱা যুৱকসকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ এটি ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ বাবে থলুৱা যুৱকে এক লাখ টকাৰ ঋণ বিচাৰি হাহাকাৰ কৰিব লগা হয়৷ বেংকৰ পদুলিয়ে পদুলিয়ে ঘুৰি অৱশেষত আনৰ দোকানত থাকিব লগা হয় নতুবা আনৰ গাড়ীৰ চালক হ’ব লগা হয়৷ তাৰ মাজতে চৰকাৰী সাহায্য অবিহনে একাংশ লোকে নিজৰ হাতৰ ধনেৰে স্বাৱলম্বী হ’বলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷
বিভিন্ন অনুষ্ঠানৰ নামত কোটি কোটি টকা শৰাধ কৰাৰ বিপৰীতে ৰাজ্যখনৰ নিৱনুৱাসকলৰ বাবে এটা ফুটাকড়ি নিদিয়া চৰকাৰ খনে প্ৰতিশ্ৰুতিতে সীমাবদ্ধ আছে৷ চৰকাৰে শিক্ষিত নিৱনুৱাসকলক দিয়া নাই কোনো সংস্থাপন আনকি ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ বাবে পৰিৱেশ৷ কোনো কল্যাণকামী আঁচনি নোলোৱাকৈ ফটা ঢোল কোৱাই থকা চৰকাৰৰ কাৰ্যালয়ৰ দুৱাৰে দুুৱাৰে চাকৰি, ঋণ বিচাৰি হাবাথুৰি খাই ফুৰাতকৈ নিজকে স্বাৱলম্বী কৰিবলৈ ৰাজ্যখনৰ একাংশ নিবনুৱা যুৱক-যুৱতীয়ে লৈছে ন’ ন’ পদক্ষেপ৷
থলুৱা খাদ্য-সামগ্ৰী বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰি বিক্ৰীৰ জৰিয়তে অৰ্থনৈতিক দিশত নিজকে স্বচ্ছল কৰি তোলা জিকমিক এটা অনুষ্ঠান৷ এজন যুৱকে নিজ প্ৰচেষ্টাত গঢ়ি তুলিছে ‘জিকমিক’ নামৰ এটি ক্ষুদ্ৰ উদ্যোগ৷
আন দিশত স্বাৱলম্বী হোৱাৰ সপোন হ’ল ধূলিস্যাত হোৱা যুৱকজনে শেষত চাবোনৰ উদ্যোগ গঢ়ে৷ চাকৰি বিচাৰিব এৰি ক্ষুদ্ৰ উদ্যোগ গঢ়ি আদৰ্শ দাঙি ধৰিব বিচৰা যুৱকজন হৈছে উচ্চ শিক্ষিত ৰাতুল বৰুৱা৷
দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অতি পিছপৰা লোজোৰাৰ যুৱক ৰাতুল বৰুৱাই চৰকাৰী সাহায্য অবিহনে নিজ ঘৰতে গঢ় দিছে কাপোৰ ধোৱা চাবোনৰ উদ্যোগ৷ ৰাতুল বৰুৱাই ২০১৪ চনতে বাণিজ্যৰ স্নাতকোত্তৰ হৈয়ো চৰকাৰী চাকৰিৰ আশা এৰি নিজে কাপোৰ ধোৱা চাবোনৰ উদ্যোগ এটি গঢ় দিয়ে৷
ৰাতুল বৰুৱাই কয় যে যদি তেওঁ অকলে এটা চাকৰি কৰিলেহেতেন তেন্তে আন কাকো লোকক কৰ্ম সংস্থাপন দিব নোৱাৰিলে হেতেন। সেয়েহে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও আন যুৱকক কৰ্ম সংস্থাপন দিবৰ বাবে ইচ্ছা আছে বুলি কয়৷ উচ্চ শিক্ষিত ৰাতুল বৰুৱাক সততে সহায় আগবঢ়াই আহিছে অপূৰ্ব বৰুৱা, দ্বীপজ্যোতি বৰুৱা, জুমন বৰুৱা, সাৰংগ বৰুৱা, দিব্যজ্যোতি বৰুৱা আদি যুৱকে।
জিকমিক দেৱা ডিটাৰজেণ্ট নামৰ উদ্যোগটো পহিলা বহাগৰ পৰা আৰম্ভ কৰে৷ ইতিমধ্যে বজাৰত জিকমিকৰ চাবোনে সমাদৰো লাভ কৰিছে। জিকমিক চাবোন দৰং জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগান ধৰাৰ চিন্তা কৰি আহিছে ৰাতুলে।