অসমৰ বৃন্দাবনত কৃষ্ণ ভক্ত আজিও আছে, ডাক্তৰ হে নাই ৩৩ বছৰে, পঢ়ক এই বাতৰি

গোৰেশ্বৰঃ শ্ৰীকৃষ্ণ হিন্দুসকলৰ আৰাধ্য অৱতাৰ। হিন্দু ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে শ্ৰীকৃষ্ণক পূজা কৰে। শ্ৰীকৃষ্ণক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়৷ কৃষ্ণক সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰা বৃন্দাবন৷ ৰামায়ণ-মহাভাৰতৰ মতে পৌৰাণিক যুগৰ প্ৰসিদ্ধ ঠাই বৃন্দাবন৷ বৃন্দাবনক লৈ নানা কথা সাধুকথাৰ দৰে আজিও মানুহে চৰ্চা কৰে৷ গোপিনীসকলৰ সৈতে কৃষ্ণই লীলা কৰাৰ সেই কথা ভাৰতীয় মানুহে আলোচনা কৰে৷ 

এই বাতৰিটোত শ্ৰীকৃষ্ণৰ বৰ্ণনা কিয় দিব লগা হ’ল৷ ৰাজ্যৰ এখন জিলাৰ এটুকুৰা ঠাইত আছে অগণন কৃষ্ণ ভক্ত৷ সেয়া আজিৰ সময়ৰ দৰে ৰাজনীতিৰ ক্ষেত্ৰত ধৰ্মক খটুওৱা ভক্ত নহয়৷ ভাৰত স্বাধীন হোৱাৰ বহু বছৰ পূৰ্বৰ পৰাই সেই ঠাই টুকুৰা বৃন্দাবন নামেৰে বিখ্যাত৷ ভাৰত স্বাধীন হোৱাৰ পিছত বৃন্দাবনক ৰাজহ গাঁও হিচাপে নাম ৰখা হয়৷ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত গাছবাৰীত আছে বৃন্দাবন নামৰ ঠাই টুকুৰা। 

বাইহাটা চাৰিআলিৰ পৰা উত্তৰে মাথো ১৬ কিঃ মিঃ নিলগৰ গাছবাৰী চ'কৰ পৰা পূব দিশে বৃন্দাবন নামৰ ঠাই টুকুৰা আছে৷ কৃষ্ণৰ জন্মভূমি বৃন্দাবনৰ দৰেই প্ৰসিদ্ধ৷ একতাৰ ভূমি সদৃশ বৃন্দাবন৷ কিন্তু ইতিহাস প্ৰসিদ্ধ বৃন্দাবনত এখন চৰকাৰী চিকিৎসালয় আছে যদিও যোৱা ৩৩ বছৰে চিকিৎসক নাই চিকিৎসালয় খনত৷

ৰাজকোষৰ কৌটি-কৌটি ধন খৰচ কৰি এখন চিকিৎসালয় খন পূৰ্ণাংগ ৰূপ দিয়া হয় যদিও চিকিৎসক নাৰ্ছ নিয়োগ নকৰিলে চৰকাৰে৷ চূণ-তেল সানি থিয় হৈ থকা গৃহ সমূহ ৰহস্যজনক কাৰণত ৩৩টা বছৰে তেনেদৰে পৰি থাকিল৷ চিকিৎসালয় খনত এজনো চিকিৎসক নতুবা ঔষধ লাভৰ সৌভাগ্য নহ’ল গাছবাৰীবাসীৰ। ১৯৮৫ চনত তদানীন্তন অগপ চৰকাৰৰ দিনত স্থাপন কৰা হৈছিল বৃন্দাবন ত্ৰিশ খন বিচনাযুক্ত প্ৰাথমিক চিকিৎসালয়খন। 

১৯৮৬ত চিকিৎসালয় খন উদ্ধোধন কৰিছিল বুলি জানিব পৰা যায়৷ তেতিয়াৰ মন্ত্ৰী ময়িদূল ইছলাম বৰাই উদ্ধোধন কৰা চিকিৎসালয় খনক লৈ বহু আশা আৰু প্ৰত্যাশা পুহি ৰখা গাছবাৰীবাসীৰ সপোন যেন আজিও সপোন হৈ থাকিল। অঞ্চলটোৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজৰ বাবে স্থাপন কৰা চিকিৎসালয়খন কাৰ বাবে কাৰ্যক্ষম কৰি তোলা নহ'ল সেয়া আজিও এক ৰহস্য হৈ থাকিল। 

চিকিৎসালয়ে নহয় কৰ্মচাৰীৰ বাবে কেবাটাও আবাসগৃহও নিৰ্মাণ কৰা হৈছিল, কিন্তু তাত থাকিবলৈ আজিলৈ কোনো ডাক্তৰ নতুবা কৰ্মচাৰী নাহিল। অগপ চৰকাৰ পিছত কংগ্ৰেছ তথা বৰ্তমান বিজেপিয়ে চৰকাৰত শাসন চলাই আছে যদিও কাৰোৰে দৃষ্টিগোচৰ হোৱা নাই চিকিৎসালয় খন। হাবি-জংঘলে আৱৰি ধৰিছে চিকিৎসালয়ৰ গৃহকেইটা। চিকিৎসালয় স্থাপন কৰি তাত চিকিৎসক নতুবা ঔষধপাতি যোগান ধৰিবলৈ কিহৰ বাবে ৩৩ বছৰ সময় লাগিল সেই কথাৰ ৰহস্য ভেদ হোৱা নাই৷

স্থানীয় ৰাইজে ৰাজনৈতিক দল সমূহে অঞ্চলটোৰ ৰাইজৰ ভোট আদায় কৰিবলৈহে এই চিকিৎসালয় খন স্থাপন কৰিছিল বুলি অভিযোগ উত্থাপন কৰে৷ কিয়নো প্ৰতি ৫ বছৰৰ মূৰকত যেতিয়া নিৰ্বাচন আহে তেতিয়া ৰাজনৈতিক দল আৰু নেতাই ভোট দিলেই এইখন কাৰ্যক্ষম কৰাৰ কথা ক'বলৈ আহে। নিৰ্বাচন গ'লেই সকলো পাহৰে তেওঁলোকে। এনেদৰে যোৱা ৩৩ টা বছৰ পাৰ হ'ল যদিও স্বাস্থ্য সেৱাৰ সুবিধা ল'বলৈ সৌভাগ্য নহ'ল বুলি কয় ৰাইজে।  

সাধাৰণ কিবা এটা হ'লেই বিহদিয়া, গুৱাহাটী নতুবা গোৰেশ্বৰলৈ ঢাপলি মেলিব লাগে গাছবাৰীবাসীয়ে। ইপিনে যোৱা ২৫ ডিচেম্বৰত গাছবাৰীত এক বিশেষ  কাৰ্যসূচীত ভাগ ল'বলৈ অহা মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক স্থানীয় ৰাইজে সাক্ষাৎ কৰি চিকিৎসালয়খন কাৰ্যক্ষম কৰাৰ বাবে স্থানীয় কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ জৰিয়তে স্মাৰক পত্ৰ দি বিষয়টো অৱগত কৰাইছিল যদিও মুখ্যমন্ত্ৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে। আনহাতে বাৰে বাৰে আৱেদন-নিৱেদন কৰি অঞ্চলটোপৰ ৰাইজে আজিলৈ বৃন্দাবনলৈ মাতি আনিব পৰা নাই স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। 

ৰাইজে চৰকাৰী ১৫ বিঘা ভূমি চিকিৎসালয়খনৰ নামত লিখি দিয়াৰ পিছত কেৱল হাবি জংগলে ঘৰ সমূহ আৱৰি আছে তেনে ক্ষেত্ৰত আন কামতো মাটি খিনি ব্যৱহাৰ কৰিব নোৱাৰাৰ এটি পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে, কংগ্ৰেছ চৰকাৰৰ দিনত ভূমিধৰ বৰ্মন স্বাস্থ্যমন্ত্ৰী হৈ থাকোতে এবাৰ চিকিৎসালয় খন পৰ্যবেক্ষণ কৰিবলৈ আহিছিল। বৰ্তমান বৰডাংৰীকুছি উপস্বাস্থ্য কেন্দ্ৰ এটা ইয়াৰ এটি গৃহত চলি আছে আৰু এগৰাকী নাৰ্চ ইয়ালৈ আহে যদিও কোনো চিকিৎসক নিয়োগ কৰা নাই। গৰ্ভৱতী মহিলাক আইৰণ টেবলেট আদি দিয়াৰ বাদে কোনো আন ব্যৱস্থা উপলব্ধ নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। 

পৰিত্যক্ত ঘৰ সমূহক একাংশ লোকে মদ-ভাং খোৱাৰ লগতে অসামাজিক কামকাজ কৰাৰ আড্ডাথলীলৈ পৰিণত কৰা বুলি জানিব পৰা গৈছে। এনেদৰে ৩৩টা বছৰে এটা অঞ্চলৰ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ থকাৰ পিছত বিজেপি চৰকাৰ, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কমলপুৰ বিধায়ক সত্যব্ৰত কলিতাক বিষয়টো দৃষ্টিগোচৰ কৰি শীঘ্ৰে চিকিৎসালয়খনত ঔষধ, ডাক্তৰ-নাৰ্চ আদিৰ নিযুক্তি দিয়াৰ দাবী জনায় গাছবাৰীবাসীয়ে। কমলপুৰ সমষ্টিৰ গাতে লাগি থকা সমষ্টি জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা প্ৰায় ১৭টা বছৰে স্বাস্থ্য বিভাগৰ দায়িত্ব লৈ আছে৷ তথাপিও চিকিৎসালয় খনৰ গুৰুত্ব আৰোপ নকৰিলে বুলি ৰাইজে ক্ষোভ উজাৰে৷