
সােণাৰিঃ চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তত বৃহস্পতিবাৰে পুৱাই শ-শ লোকে মাটি দখল কৰিবলৈ ওলাই অহা বুলি প্ৰচাৰ হোৱাৰ পিছৰে পৰা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ শ-শ লোকে কানু চাহ বাগিচাৰ বালিজান গ্ৰাণ্টৰ ২৫ নং ছেক্টৰৰ ভূমি দখল কৰিবলৈ ওলাই অহাত শ্ৰমিক আৰু চাহ বাগিচাৰ সমীপৰ এখন গাঁৱৰ লোকৰ মাজত প্ৰথমে বাকযুদ্ধৰ লাগে তাৰ পিছতে সংঘাটময় পৰিস্থিতিৰ সৃষ্টি হোৱাত আৰক্ষীৰ লোক আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়৷
জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাই অসম-নাগালেণ্ড সীমান্তৰ কানু চাহ বাগিচাৰ বালিজান গ্ৰাণ্টৰ ২৫নং ছেক্টৰৰ সমীপৰ গাঁৱৰ শ-শ লোক ওলাই আহি বিবাদিত ভূমি দখলৰ চেষ্টা কৰে৷ ফলত গঞা আৰু শ্ৰমিকৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়। আৰক্ষী মোতায়ান কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়। আটছা আৰু চাহ বাগিচাৰ সংঘই চাহ বাগিচা পৰিদৰ্শন কৰে।
বে-দখলকাৰীক গ্ৰেপ্তাৰ দাবী জনাই চাহ শ্ৰমিকে। দীৰ্ঘ দিন ধৰি অসম-নাগালেণ্ড সীমান্তৰ কানু চাহ বাগিচাৰ বালিজান গ্ৰাণ্টৰ ২৫ নং ছেক্টৰৰ ভূমি চাহ বাগিচাই নিজৰ বুলি দাবী কৰি আহিছে যদিও সমীপৰ গাঁৱৰ লোকে চাহ বাগিচাই উক্ত ভূমি গাঁৱৰ লোকৰ বুলি দাবী কৰি আহিছে৷ যাৰ ফলত প্ৰায় সংঘাটময় পৰিৱেশৰ সৃষ্টি হয়৷ কানু চাহ বাগিচাৰ বালিজান গ্ৰাণ্টৰ ২৫নং ছেক্টৰৰ ভূমি বিবাদৰ গোচৰ আদালতত চলি আছে।