কৃষি মন্ত্ৰী অতুল বৰাৰ ‘গংগা গোলাপী’য়ে দিলে পতান, তীব্ৰ খাদ্য সংকটত পৰিব নগাঁৱৰ কৃষক

নগাঁওঃ সোণগুটি চপাব নাপালে কৃষকে৷ মুৰৰ ঘাম মাটিত পেলাই ৰাজ্য খনৰ কৃষকসকলে পথাৰত কঠীয়া ৰুই সপোন দেখে সোণগুটি চপোৱাৰ৷ পথাৰত গেৰ ধৰা ধান পকিছে যদিও সোণগুটি নহয় পতান হে ওলাইছে৷ মুঠৰ ওপৰত কপালৰ ঘাম মাটিত পেলাই খেতি কৰা কৃষক পৰিছে বিপদত৷ 

ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কৃষকক যোগান ধৰা বড়ো ধানৰ বীজেৰে খেতি কৰি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে দৰিদ্ৰ কৃষকে৷ সৰ্বশ্ৰান্ত হোৱা কৃষকে এতিয়া পথাৰত মূৰে কপালে হাত দি খেতি ডৰাত বহি থাকিব লগা হৈছে৷ কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভিত কৃষকে শীঘ্ৰে কৃষকৰ ওচৰলৈ আহি ক্ষতিপূৰণ ঘোষণা কৰাৰ দাবী জনায়৷

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বিগত আঢ়ৈবছৰীয়া কাৰ্যকালত কি পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে তাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ কৃষকলৈ নামি আহিছে দুৰ্দিন৷ কিয়নো জিলাখনৰ পশ্চিম প্ৰান্তৰ একাংশ কৃষকে বড়োধানৰ খেতি কৰি মূৰে কপালে হাত দিব লগা হৈছে৷ 

গেঁৰ ধৰি ধান কাটিবৰ হ’ল যদিও ঠোকত ফল ধৰা দেখা নাপালে কৃষকে৷ কৃষকে ধানৰ পৰিবৰ্তে পতান হোৱাৰ কথা newsnextone.comক অৱগত কৰে৷ বান পানীৰ পিছতে শৰাঙে কোঙা কৰা খেতিয়কসকলে মাধমাৰ শোধালে চৰকাৰৰ বীজে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী বীজত পতান ওলোৱাৰ বাতৰি প্ৰকাশ হৈ থকাৰ সময়তে এইবাৰ অচিন বিপদে লগ দিছে কৃষকক। চৰকাৰী ধানৰ বীজেৰে কৰা খেতিত দেখা দিছে এক অচিন ৰোগ। 

জানিব পৰা মতে, বহু আশা বুকুত বান্ধি কৃষিপ্ৰধান জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত টুকটুকী, চমকা, চালনাবড়ি, বতাবাৰী, বাৰুআটি, আহোমগাঁও আদি অঞ্চলৰ একাংশ কৃষকে প্ৰায় ৮০ বিঘা মাটিত ‘পান ৮১৫ গংগা গোলাপী’ নামৰ বীজ ৰোপন কৰিছিল৷ কিন্তু এতিয়া ধান কটাৰ সময়ত পথাৰত বড়োধানৰ খেতি দেখি কৃষকসকলৰ মুৰত সৰগ ভাগি পৰাৰ দৰে হৈছে৷ 

কাৰণ ধানৰ সলনি ওলাইছে পতান৷ ফলত হাড়ভগা পৰিশ্ৰম আৰু গাঁঠিৰ ধন খৰছ কৰি বহু কষ্টৰে কৰা খেতিডৰাত ধানৰ সলনি পতান হোৱা প্ৰত্যক্ষ কৰি কৃষকসকলে মূৰে-কপালে হাত দিব লগা হৈছে৷ প্ৰকাশ যে, খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহ-পাল দি অহা এই কৃষকসকল এতিয়া ক্ষতিৰ সন্মুখিন হোৱাত মানসিকভাবে ভাগি পৰিছে৷

অভিযোগ মতে, এনে অনাকাংক্ষিত পৰিস্থিতিৰ বিষয়ে ইতিমধ্যে দুৰ্ভগীয়া কৃষকসকলে কৃষি বিভাগক অৱগত কৰিছে যদিও বিষয়টোত তিলমানো গুৰুত্ব আৰোপ কৰা নাই কৃষি বিভাগে৷ প্ৰকৃততে এনে পৰিস্থিতিত বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে পৰিস্থিতি পৰ্যবেক্ষণ কৰি কৃষকসকলক সকাহ দিব লাগে যদিও কোনো বিষয়া-কৰ্মচাৰী উপস্থিত হোৱা নাই৷ 

দায়িত্ববাহী গ্ৰামসেৱকৰ ছাঁটোকে ৰাইজে দেখিবলৈ নোপোৱাত অত্যন্ত ক্ষোভিত হৈ পৰিছে৷ কাজেই, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দুৰ্ভগীয়া কৃষকসকলে এইক্ষেত্ৰত চৰকাৰে যাতে সাহায্য আগবঢ়াই তেওঁলোকক সহায় কৰে তাৰ বাবে কৃষি বিভাগ তথা চৰকাৰৰ প্ৰতি দাবী জনায়৷

আনহাতে খবৰ লবলৈ যোৱা কৃষি বিভাগৰ এগৰাকী গ্ৰামসেৱকক আৱদ্ধ কৰি প্ৰশ্নৰে থকা সৰকা কৰে কৃষকে৷ কিন্তু প্ৰশ্নৰ উত্তৰ নাই গ্ৰামসেৱকৰ হাতত৷ উল্লেখ্য যে, অঞ্চলটোৰ শ-শ বড়ো ধানৰ দৰিদ্ৰ কৃৃষকে অতি কষ্টেৰে চৰকাৰী বীজেৰে বড়ো ধানৰ খেতি কৰিছিল যদিও উপায় বিহীন কৃষকে আগন্তক সময়ত তীব্ৰ খাদ্য সংকটত ভোগাৰ আশংকাত আত্মহননৰ হুংকাৰ দিছে৷