
কাজিৰঙাঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ চোৱা চিতাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গতাই দিয়াৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিৰোধী কংগ্ৰেছে কাজিৰঙাৰ কহঁৰা চাৰিআলিত বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বোকাখাত ব্লক কংগ্ৰেছৰ উদ্যোগত শতাধিক নেতা কৰ্মীয়ে ৰাজপথ কঁপাই চৰকাৰৰ এনে সিদ্ধান্তক ধিক্কাৰ দিয়ে৷
অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ আৱাসস্থল কাজিৰঙাক চৰকাৰে সুৰক্ষা দিবলৈ প্ৰয়াস কৰিব লাগে, তেনে সময়ত চৰকাৰে উদাস হোৱাহে দেখা গৈছে বুলি কয় কংগ্ৰেছে৷ কোম্পানীৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যকো গৰিহণা দি এয়া অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে কংগ্ৰেছে৷ এয়া বিজেপি চৰকাৰৰ এটা জাতিদ্ৰোহী সিদ্ধান্ত বুলিও মত ব্যক্ত কৰে। বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ চৰকাৰে হেতালি খেলিবলৈ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছে।
কংগ্ৰেছৰ কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এডপ্ট-এ-হেৰিটেজ আঁচনিৰ জৰিয়তে দেশৰ বিভিন্ন ঐতিহ্য ক্ষেত্ৰৰ লগতে অসমৰ কাজিৰঙা, ৰংঘৰ, কাৰেংঘৰ আদি ঐতিহ্য ক্ষেত্ৰক চোৱা চিতাৰ দায়িত্ব এৰি দিয়াৰ তীব্ৰ প্ৰতিবাদ জনাই কাজিৰঙাৰ কহঁৰাত ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে৷ কংগ্ৰেছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৰিয়নীৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী চেৰা বলিয়া আৰু সৰ্বানন্দ সোণোৱাল এতিয়া গভীৰ নিদ্ৰাত বুলি মন্তব্য প্ৰকাশ কৰে।
প্ৰতিবাদী কাৰ্যসুচীত বোকাখাত ব্লক কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি বিপুল দাস, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দাদু টায়, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক লক্ষীপ্ৰসাদ শইকীয়া, সম্পাদক ভাস্কৰ কালিন্দী, মিনতি দলে আদি নেতাই অংশ গ্ৰহণ কৰে। ইফালে, কাজিৰঙাৰ লগতে ৰংঘৰ কাৰেংঘৰ জেটিআই নামৰ ব্যক্তিগত কোম্পানীক অৰ্পণ কৰাৰ বিৰুদ্ধে কাজিৰঙাত বোকাখাত মহকুমা টাই আহোম ছাত্ৰ সন্থাই ৩৭নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। টাই আহোম ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে।
আটাছুৰ সদস্যসকলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক কোনো কাৰণতে বহিৰাগত প্ৰতিষ্ঠানৰ হাতত তুলি দিব নিদিয়াৰ দাবী উত্থাপন কৰাৰ লগতে সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনতিপলমে গাদী এৰিবলৈও দাবী জনায়। "অচ্ছে দিন আনেৱালা হে" বুলি কৈ কৈ সৰ্বসাধাৰণ ৰাইজৰ মাধমাৰ শোধোৱা প্ৰধানমন্ত্ৰী মোডীয়ে ঐতিহ্য মণ্ডিত লালকিল্লাক ৫ বছৰৰ কাৰণে ২৫ কোটি টকাত ডালমিয়া গ্ৰুপৰ হাতত সঁপি দিয়াৰ পিছত এইবাৰ চকু পৰিছে অসমৰ ঐতিহ্যমণ্ডিত ৰংঘৰ, কাৰেংঘৰ, শিৱদৌলৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত বুলি কয় আটাছুৱে৷
জাংগল ট্রেডার্চ ইণ্ডিয়া নামৰ ব্যক্তিগত কোম্পানীৰ হাতত কাজিৰঙাক গতাই দিয়াৰ চিন্তা চৰ্চা চলায় আছে এয়া প্ৰতিগৰাকী অসমীয়াই গৰিহণা দিব লাগে বুলি কয় সংগঠনটোৱে। বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, পৰ্যটন মন্ত্ৰী হুছিয়াৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্ল'গানেৰে প্ৰায় ১ ঘন্টা ধৰি কাজিৰঙাৰ ৰাজপথ উত্তাল কৰি তোলে সংগঠনটোৱে। শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই অন্যথা অনাগত অনাগত দিনত অধিক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷