জিন্নাৰ ফটোক লৈ হোৱা সংঘৰ্ষ শাম কটাবলৈ ইণ্টাৰনেট সেৱা কৰ্তন

বুধবাৰে বিশ্ববিদ্যালয়ৰ বাহিৰৰ এদল লোকে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ইউনিয়নৰ কাৰ্যালয়ৰ পৰা জিন্নাৰ ফটো আঁতৰোৱাৰ উদ্দেশ্যে চৌহদত প্ৰৱেশ কৰাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। জিন্নাৰ ফটো বিশ্ববিদ্যালয়ৰ পৰা আঁতৰোৱাৰ বাবে দলটোৱে শ্লোগান দিয়াৰ পিছতে দুই ফৈদৰ মাজত সংঘাতে দেখা দিয়ে। 

http://images.indianexpress.com/2018/05/amu-protest-759.jpg
http://images.indianexpress.com/2018/05/amu-protest-759.jpg

ডিজিটেল ডেস্কঃ পাকিস্তানৰ জাতিৰ পিতা হিচাপে পৰিচিত ভাৰত বিভাজনৰ অন্যতম সূত্ৰধাৰ মহম্মদ আলী জিন্নাৰ ফটো এখনক লৈ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতি শাম কটা নাই। শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ লগতে সমগ্ৰ আলিগড়তে ইণ্টাৰনেট সেৱা চৰকাৰে কৰ্তন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ দিশে আগবাঢ়িছে। 

বুধবাৰে বিশ্ববিদ্যালয়ৰ বাহিৰৰ এদল লোকে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ইউনিয়নৰ কাৰ্যালয়ৰ পৰা জিন্নাৰ ফটো আঁতৰোৱাৰ উদ্দেশ্যে চৌহদত প্ৰৱেশ কৰাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। জিন্নাৰ ফটো বিশ্ববিদ্যালয়ৰ পৰা আঁতৰোৱাৰ বাবে দলটোৱে শ্লোগান দিয়াৰ পিছতে দুই ফৈদৰ মাজত সংঘাতে দেখা দিয়ে। 

চৌহদত বলপূৰ্বক প্ৰৱেশ কৰা লোকসকলক উচিত শাস্তিৰ দাবীত বৃহস্পতিবাৰে সমবেত হোৱা প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ লগতে লাঠিচালনাও কৰাত পৰিস্থিতি অধিক অৱনতি ঘটে। ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰা মতে চৌহদত অনাধিকাৰ প্ৰৱেশ কৰি পৰিৱেশ বিনষ্ট কৰা লোকসকল হিন্দু যুৱ বাহিনীৰ আছিল। 

বিশ্ববিদ্যালয়ৰ ইউনিয়নৰ কাৰ্যালয়ত জিন্নাৰ ফটো থকাক লৈ আলিগড়ৰ সাংসদ সতীশ গৌতমে উপাধ্যক্ষলৈ প্ৰশ্ন কৰি পত্ৰ এখন লিখাৰ পিছতেই এই ঘটনাৰ সূত্ৰপাত হয় বুলি জানিবপৰা গৈছে।   

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আলি জিন্নাক সন্দৰ্ভত দিয়া মন্তব্য কৰি কয় যে জিন্নাক ভাৰতত সন্মান প্ৰদৰ্শন কৰাৰ কোনো প্ৰয়োজন নাই।