নগাঁৱৰ গোসাঁই উলিওৱা উৎসৱত মুকলি জুৱা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

নগাঁওঃ অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহুৰ মাজতে নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে পালন কৰা হয় ঐতিহাসিক গোঁসাই উলিওৱা উৎসৱ৷ ইতিহাসে ঢুকি পোৱা দিনৰে পৰা উদযাপন কৰি অহা ৰজাদিনীয়া গোঁসাই উলিওৱা উৎসৱ বৰ্তমান সময়ত মধ্য অসমৰ জিলা দুখনৰ সৰ্বস্তৰৰ লোকৰ বাবে এক অপৰিহাৰ্য অংগস্বৰূপ হৈ পৰা দেখা গৈছে৷

প্ৰতিবছৰৰ দৰে ব’হাগৰ পৰা জেঠ মাহলৈ ঠায়ে ঠায়ে আড়ম্বৰপূৰ্ণভাবে পালন কৰা উৎসৱত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত একপ্ৰকাৰে সমন্বয়ৰ সেঁতু গঢ়ি আহিছে৷ পুৰণি ঐতিহ্যৰ সোঁৱৰণীৰে বিগত বৰ্ষবোৰৰ দৰে এই বেলিও নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ বিভিন্ন স্থানত পহিলা ব’হাগৰ সপ্তাহৰ পৰাই ব্যাপক উৎসাহ-উদ্দীপনেৰে এই উৎসৱ উদযাপন কৰি অহা হৈছে৷ 

কিন্তু পৰম্পৰাগত গোঁসাই উলিওৱা উৎসৱ বা মেলাৰ গইনা লৈ একাংশ সমাজ বিৰোধী লোকে মেলাস্থলীত ব্যাপক হাৰত নিবিঘ্নে জুৱাৰ মুকলি বেহা চলাই নিয়াত সচেতন লোকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ স্থানীয় আৰক্ষী আৰু মেলা আয়োজক সমিতিৰ ৰহস্যজনক মৌনতাত অনুষ্ঠিত হোৱা এই মুকলি জুৱাত ব্যৱসায়ী, কৃষক, স্কুল-কলেজৰ ছাত্ৰৰ উপৰি একাংশ শিক্ষক তথা ৰাজনৈতিক নেতা পৰ্যন্ত উবুৰি খাই পৰাৰ অভিযোগ উঠিছে ৷ 

অভিযোগ মতে, ঝাণ্ডিমুণ্ডা, তিনিপাটী, কেৰকেৰি আদি খেলেৰে দুপৰীয়াৰ পৰা সন্ধ্যালৈকে চলা জুৱাৰ আড্ডাত অবাধে লক্ষ লক্ষ টকাৰ লেনদেন হোৱাত বহুলোক সৰ্বস্বান্ত হ’বলগীয়া হৈছে৷ ইফালে, জুৱা অনুষ্ঠিত কৰা অসাধু চক্ৰটোৰ পৰা স্থানীয় আৰক্ষী আৰু মেলা উৎসৱ উদযাপন সমিতিয়ে মধ্যস্থতাকাৰীৰ জৰিয়তে প্ৰতিখন জুৱাৰ বিপৰীতে তিনি হাজাৰৰ পৰা আঠ হাজাৰ পৰ্যন্ত টকা কমিচন হিচাপে আদায় কৰে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে৷