
সোণাৰিঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে সমগ্ৰ উজনি অসমত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ অভিযানৰ মাজতে উজনি অসমত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে নেকি আলফাই৷ ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে।
আলফাক নিয়ন্ত্ৰণ কৰাত বিফল হৈছে নেকি অসম আৰক্ষী৷ যোৱা ৬০ ঘণ্টাৰ উজনি অসমৰ ছবি খন প্ৰত্যক্ষ কৰি এনে প্ৰশ্ন উত্থাপন হৈছে জনসাধাৰণৰ মনত৷
উজনিৰ কেইবাখনো জিলাত উগ্ৰপন্থীৰ ধনদাবী, আক্ৰমণকে ধৰি বিভিন্ন কূটাঘাটমূলক ঘটনা সংঘটিত হৈ অহাৰ সময়তে উজনিৰ চৰাইদেউ জিলাত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত আলফাৰ দল প্ৰৱেশ কৰিছে বুলি প্ৰচাৰ হৈছে৷
যোৱা ৬ ফেব্ৰুৱাৰীত অস্ত্ৰধাৰী আলফাৰ দল এটাই চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত কানু চাহ বাগিচাত অঞ্চলত প্ৰৱেশ কৰি ভয়াবহ আক্ৰমণৰ সংঘটিত কৰিছিল৷ ইমানে নহয় বৰহাট চাহ বাগিচাত আক্ৰমণ সংঘটিত কৰিছিল আলফাৰ দলে৷ বিভিন্ন লোকক ধন দাবী কৰিছিল আলফাই৷\
তাৰ মাজতে সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষীয়ে গিজগিজাই থকা জিলা খনত ধন দাবী-বোমা সংস্থাপন কৰি অসম আৰক্ষীৰ কপালৰ মাটিত পেলালে আলফাই৷ দেওবাৰে চৰাইদেউ জিলাৰ খাপেখাটি আৰক্ষী থানাৰ অন্তৰ্গত ভেচেলী পথাৰত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ খুঁটাত আলফাই সংস্থাপন কৰা বোমা উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে সমগ্ৰ উজনি অসমত৷
চৰাইদেউৰ সাংবাদিক ৰাজু সিংহাৰ মোবাইল নম্বৰত ৭০৮৫৮৯৬৪০৪ নম্বৰৰ পৰা ম্যানমাৰস্থিত আলফাৰ কেম্পৰ পৰা কোৱা বুলি কৈ বোমা সংস্থাপনৰ খবৰ দিয়ে দেওবাৰে৷ বিদ্যুতৰ খুঁটাত সংস্থাপন কৰা সক্ৰিয় বোমা কেইটা ফুটি জনসাধৰণৰ ক্ষতি হোৱাৰ পূৰ্বেই প্ৰশাসনৰ সহায়ত নিষ্কিয় কৰিবলৈ কয় সাংবাদিকগৰাকীক৷
সাংবাদিকগৰাকীয়ে এই কথা চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকক জনোৱাৰ পিছতে পুনৰ উক্ত নম্বৰৰ পৰা ফোন কৰি বোমা কেইটা নিষ্কিয় কৰিবলৈ কয়৷ সাংবাদিকগৰাকীয়ে আৰক্ষীক খবৰ দিয়াৰ পিছতে ততাতৈয়াকৈ আৰক্ষী-সামৰিক-অৰ্ধাসামৰিক বাহিনী লগত লৈ লংপতিয়া, মিৰিপথাৰ, পেহীপুখুৰী আৰু হাতীপুখুৰীত তীব্ৰ অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে৷
প্ৰায় ৬ ঘণ্টীয়া অভিযানৰ অন্তত ৰহন চাংমাই গাঁৱৰ ভেচেলী পথাৰত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ সৰবৰাহ কৰা এটি উচ্চ ক্ষমতা সম্পন্ন টাৱাৰত বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিৰাপত্তাপৰক্ষীয়ে৷
কিছুদিন পূৰ্বে আলফা স্বাধীন নিৰ্মল অসম নামৰ এগৰাকী কেডাৰ আৰক্ষীৰ জালত পৰিছিল আৰু নিৰ্মল অসমক লৈ দেওবাৰৰ অভিযান চলাইছিল অসম আৰক্ষীয়ে৷ জানিব পৰা মতে, আলফাই উক্ত অঞ্চলত তিনিটাকৈ বোমা সংস্থাপন কৰিছিল৷ যোৱা ২১ এপ্ৰিলত এটা বোমা বিস্ফোৰণ কৰিছিল যদিও দুটা বোমা বিস্ফোৰণ হোৱা নাছিল৷
স্থানীয় ৰাইজে প্ৰকাণ্ড শব্দ লাভ কৰিছিল যদিও সেয়া আকাশত ওলোৱা শব্দ বুলি ভাবিছিল৷ চৰাইদেউ জিলাৰ কানু চাহ বাগিচা, বৰহাট চাহ বাগিচা, ফুৱেল কোম্পানী আদিত আলফাৰ দল এটাই আক্ৰমণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ ইমানে নহয় চৰাইদেউ জিলাত বিভিন্ন ব্যৱসায়ীক ধন দাবী কৰাৰ লগতে ধন সংগ্ৰহ কৰি অহাৰ প্ৰচাৰ হৈছে৷
আনহাতে উজনিৰ একাংশ লোকে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ আশংকাত পৰা বুলি মত পোষণ কৰে৷ আৰক্ষীয়ে উগ্ৰপন্থীক নিয়ন্ত্ৰণ কৰাত বিফল হৈছে বুলি অভিযোগ উত্থাপন কৰে৷