বৰাকৰ ৩ জিলাত ২ দিন, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৩০ খন জিলাত এদিনৰ শুনানি, অখিলৰ প্ৰতিবাদ

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰিছে ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতা তথা ব্যক্তি বিশেষে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট কৰে অসমৰ ৰাইজে৷ মুঠৰ ওপৰত মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে ৰাজ্যৰ জনসাধৰণে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকে সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ সংসদীয় যুটীয়া সমিতিয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত এদিন আৰু বৰাক উপত্যকাত দুদিন শুনানি গ্ৰহণ কৰাত তাৰ মাজত প্ৰশ্ন উত্থাপন হৈছে৷ 

সংসদীয় যুটীয়া সমিতিয়ে বৰাক উপত্যকাত ৩ খন জিলাত ২ দিন আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৩০ খন জিলাৰ বাবে এদিন শুনানি অনুষ্ঠিত কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ একাংশ ব্যক্তি বিশেষ তথা সংগঠনে গুৱাহাটীত কমেও দুদিনৰ বাবে শুনানি অনুষ্ঠিত কৰাৰ দাবী জনায়৷ তাৰ মাজতে কৃষ মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত দুদিন, নামনি, উত্তৰ অসমত এদিনকৈ আৰু পাহাৰীয়া জিলা দুখনত দুদিন শুনানি গ্ৰহণ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷ খানাপাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় ৫ শতাধি নেতা কৰ্মীয়ে অখিল গগৈৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছে৷ 
 

অখিল হহৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ৩ খন জিলাৰ বাবে দুদিন শুনানি অনুষ্ঠিত কৰিব আৰু ৩০ খন জিলাৰ বাবে ইয়াত মাত্ৰ এদিনৰ বাবে আহিছে৷ সেই হিচাপত ব্ৰহ্মপুত্ৰ উপত্যকাত ২০ দিন শুনানি লব লাগে যুটীয়া সংসদীয় সমিতিয়ে৷ অখিলে গুৱাহাটীত দুদিন, নামনি, উত্তৰ অসমত এদিনকৈ আৰু পাহাৰীয়া জিলা দুখনত দুদিন শুনানি গ্ৰহণ কৰাৰ দাবী জনায়৷ কৃষক নেতাগৰাকীয়ে অন্তত আৰু দুদনিৰ কাৰণে যুটীয়া সংসদীয় সমিতিয়ে থাকি যাওক বুলি কৈ আজি অসমীয়া মানুহে স্মাৰক দিবলৈ ওলাই আহিছে বুলি কয়৷ অসমীয়া মানুহৰ আৱেগটো তেওঁলোকে জানি জাওক৷ 

সোমবাৰে ৫.৩০ বজাৰ পৰা খানাপাৰত ধৰ্মঘটত বহি যুটীয়া সংসদীয় সমিতিক আৰু দুদিনৰ বাবে গুৱাহাটীত সাক্ষ্য গ্ৰহণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে৷ প্ৰতিবাদত বহি অখিল গগৈয়ে গুৱাহাটীত দুদিন, নামনি, উত্তৰ অসমত এদিনকৈ আৰু পাহাৰীয়া জিলা দুখনত দুদিন শুনানি গ্ৰহণ কৰাৰ দাবী জনাই যুটীয়া সংসদীয় সমিতিক৷ 

অখিল কয় ‘‘আছু-যুৱ ছাত্ৰ পৰিষদে কি ভাবিছে সেয়া ডাঙৰ কথা নহয়৷ সমগ্ৰ অসমে জপিয়াই পৰিছে৷ নাগৰিক সমিতিয়ে যুটীয়া সংসদীয় সমিতিক অসমত আৰু দুদিন থাকি স্মাৰক সমূহ গ্ৰহণ কৰাৰ লগতে অসমীয়া জাতিৰ কথা বিলাক শুনিব লাগে বুলি কৈছে৷ গুৱাহাটীত দুদিন, নামনি, উত্তৰ অসমত এদিনকৈ আৰু পাহাৰীয়া জিলা দুখনত দুদিন শুনানি গ্ৰহণ কৰাৰ দাবী জনাইছিল৷ যদি যুটীয়া সংসদীয় সমিতিয়ে অন্তত দুদিন নাথাকে তেন্তে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিম৷ থাকিব নাখোজে তেন্তে প্ৰতিবাদত বহিমে৷’’