মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ ৰাইজৰ স্মাৰক প্ৰদান কৰিলে বটদ্ৰৱা প্ৰেছ ক্লাৱে

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰিছে ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতা তথা ব্যক্তি বিশেষে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট কৰে অসমৰ ৰাইজে৷ সাক্ষ্য দিয়াৰ ক্ষেত্ৰত কোনেও বাদ নপৰিল৷

মুঠৰ ওপৰত মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে ৰাজ্যৰ জনসাধৰণে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকে সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ ৰাজ্যৰ সাংবাদিক সংগঠন সমূহে পিছ পৰি ৰোৱা নাই৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ৰাইজৰ হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্মাৰক পত্ৰ কঢ়িয়াই আনি যুটীয়া সংসদীয় সমিতিক প্ৰদান কৰে বটদ্ৰৱা প্ৰেছ ক্লাৱে৷ খানাপাৰাত বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষৰ লগতে একেলগে থিয় হৈ বিধেয়কখনৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰে বটদ্ৰৱা প্ৰেছ ক্লাৱে৷

বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সভাপতি নীলমনি বৰা সম্পাদক গুণমনি কলিতাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি যুটীয়া সংসদীয় সমিতিৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰে৷ অসম চুক্তিক আখৰে আখৰে পালন কৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ অহা সকলো বিদেশী বিতাড়নৰ কৰি অসম আন্দোলনৰ শ্বহীদসকলক প্ৰকৃত সন্মান দিবলৈ বটদ্ৰৱা প্ৰেছ ক্লাৱে সংসদীয় সমিতিৰ ওচৰত দাবী উত্থাপন কৰে৷