ডিব্ৰুগড়ত ৰেল কৰ্মচাৰীৰ ৭২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

ডিব্ৰুগড়ঃ ৰেল প্ৰশাসনৰ ৰেল শ্ৰমিক বিৰোধী আৰু ৰেল যাত্ৰীৰ সুৰক্ষা বিৰোধী নীতিৰ প্ৰতিবাদত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ডিব্ৰুগড়তো ৰেল কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

সৰ্বভাৰতীয় ৰেল মেনছ ফেডাৰেচনৰ আহ্বানত এন এফ ৰেলৱে মজদুৰ ইউনিয়নে আজি ডিব্ৰুগড় বাণিপুৰ ৰেলৱে ষ্টেচনত কেইবাটাও দাবীৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় উপ-সভাপতি সঞ্জীৱ ভট্টাচাৰ্য্য, এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ ডিব্ৰুগড় শাখাৰ উপ সভাপতি দিগন্ত হাজৰিকা, সাধাৰণ সম্পাদক দিগন্ত হাজৰিকাৰ নেতৃত্বত ৰূপায়ন কৰা ৭২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত প্ৰায় শতাধিক ৰেল কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। 

উল্লেখ যে নতুন পেঞ্চন নীতি বন্ধ কৰি সকলো ৰেল শ্ৰমিক তথা পৰিয়ালবৰ্গক পুৰণি নীতিৰ আধাৰত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, দৰমহাৰ নিৰিখ বন্ধ কৰা, ৰেলৰ কাম-কাযবোৰৰ ব্যক্তিগতকৰণ আৰু ঠিকাভিত্তিত ব্যৱস্থা বন্ধ কৰা আদিকে ধৰি কেইবাটাও দাবী উত্থাপন কৰা হয়।