২০১৯ত কংগ্ৰেছ শাসনলৈ আহিলে প্ৰধানমন্ত্ৰী হ’ব যুৱৰাজ ৰাহুল গান্ধী, মোডীয়ে জনতাৰ প্ৰশ্নৰ উত্তৰ দিয়া উচিত

ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ হোৱাৰ পিছত এইবাৰ ৰাহুল গান্ধীয়ে কৰ্ণাটত নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী হোৱাৰ কথা প্ৰথমবাৰলৈ উল্লেখ কৰে৷ কৰ্ণাটকৰ এখন ৰেলীত অংশ লোৱাৰ সময়ত ৰাহুল গান্ধীক ২০১৯ চনত যদি কংগ্ৰছে সংখ্যা গৰিষ্ঠতা লাভ কৰে, তেন্তে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব নে নাই বুলি প্ৰশ্ন কৰা হৈছিল৷ এই প্ৰশ্নৰ উত্তৰ দি কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে কয় যে যদি ২০১৯ত কংগ্ৰেছ শাসনলৈ আহে, তেন্তে নিশ্চয় তেওঁ প্ৰধানমন্ত্ৰী পদত উপবিষ্ট হ’ব৷ 

আনফাল কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰিব নেৰিলে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গন্ধীয়ে৷ সাবাংদিকৰ সতে হোৱা কথা বতৰাত ৰাহুল গান্ধীয়ে কয়, বিজেপিয়ে জনতাৰ প্ৰশ্নৰ উত্তৰ কিয় দিব নিবিচাৰে? মোডীয়ে জনতাৰ প্ৰশ্নৰ উত্তৰ দিয়া উচিত৷ ৰাহুল গান্ধীয়ে কয় যে মই এতিয়া ২০১৯ৰ নিৰ্বাচনৰ বিষয়ে একো নকও৷ মই কৰ্ণাটক নিৰ্বাচনৰ বিষয়েহে এতিয়া কম৷ 

আনহাতে ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী য়েদেৰুপ্পাৰ বিষয়ে মন্তব্য কৰি কয়, আমি প্ৰধানমন্ত্ৰী মোডীয়ে ভ্ৰষ্ট প্ৰাৰ্থীক প্ৰাৰ্থীত্ব কিয় দিছে বুলি বাৰে বাৰে প্ৰশ্ন কৰিছো৷ তেওঁ প্ৰাৰ্থীত্ব প্ৰদান কৰা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বি এছ য়েদেৰুপ্পাই নিজে জেল খাটি আহিছে৷ 

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ বিষয়ে মন্তব্য কৰি ৰাহুল গান্ধীয়ে কয় যে অমিত শ্বাহৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ সমূহৰ বিষয়ে সকলোৱে জানে৷ যিটো দলে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত নিকা আৰু স্বচ্ছতাৰ কথা কয়, তেওঁলোকেই দায়িত্বজ্ঞানহীন মন্তব্য কৰে বুলিও বিজেপিক কটাক্ষ কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷