
গুৱাহাটীঃ সোমবাৰে গুৱাহাটী মহানগৰীত কেন্দ্ৰীয় চৰকাৰে লব বিচৰা অসম ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰি ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতাই তথা ব্যক্তি বিশেষে মত দান কৰে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট কৰে অসমৰ ৰাইজে৷ মুঠৰ ওপৰত মহানগৰীৰ খানাপাৰাত ০৭ মে’ত অসমৰ ৰাইজে একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিলে৷
মঙলবাৰে আবেলিৰ পৰা বৰাক উপত্যকাৰ শিলচৰত শুনানি গ্ৰহণ কৰিছে যুটীয়া সংসদীয় সমিতিয়ে। বৰাক উপত্যকাৰ শিলচৰত ইতিমধ্যে যুটীয়া সংসদীয় সমিতি উপস্থিত হৈছে৷ বৰাকৰ দল-সংগঠন খুবেই আগ্ৰহী শুনানিক লৈ৷ শিলচৰ এনআইটিত যুটীয়া সংসদীয় সমিতিয়ে সাক্ষ্য গ্ৰহণ আৰম্ভ কৰে৷
মঙলবাৰে আবেলিৰ পৰা কৰিমগঞ্জৰ দল-সংগঠন সাক্ষ্য দিব সমিতিক৷ কৰিমগঞ্জৰ দল-সংগঠনৰ সাক্ষ্য সমাপ্ত হোৱাৰ পিছতে হাইলাকান্দি জিলাৰ দল-সংগঠনে সাক্ষ্য প্ৰদান কৰিব৷ বুধবাৰে কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ ৰৈ যোৱা দল সংগঠনৰ লগতে কাছাৰ জিলাৰ দল-সংগঠন আৰু ব্যক্তি বেশেষ সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে-বিপক্ষে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ কিন্তু বৰাকৰ দল-সংগঠনে এই আইন খনৰ সমৰ্থন কৰিব সেয়া একপ্ৰকাৰ নিশ্চিত৷ পূৰ্বেৰ পৰা বঙালী নেতাসকলে বাংলাদেশৰ হিন্দু শৰণাৰ্থীক ভাৰতত সংস্থাপন কৰাৰ সপক্ষে মত প্ৰদান কৰি আহিছে৷
সোমবাৰে অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকে সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰাৰ সময়ত বৰাকত দুদিন শুনানি অনুষ্ঠিত কৰাত প্ৰশ্ন উত্থাপন হৈছিল৷ সংসদীয় যুটীয়া সমিতিয়ে ব্ৰহ্মপুত্ৰ উপত্যকাত এদিন আৰু বৰাক উপত্যকাত দুদিন শুনানি গ্ৰহণ কৰাত তাৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল৷
সংসদীয় যুটীয়া সমিতিয়ে বৰাক উপত্যকাত ৩ খন জিলাত ২ দিন আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৩০ খন জিলাৰ বাবে এদিন শুনানি অনুষ্ঠিত কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ একাংশ ব্যক্তি বিশেষ তথা সংগঠনে গুৱাহাটীত কমেও দুদিনৰ বাবে শুনানি অনুষ্ঠিত কৰাৰ দাবী জনায়৷ তাৰ মাজতে কৃষ মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত দুদিন, নামনি, উত্তৰ অসমত এদিনকৈ আৰু পাহাৰীয়া জিলা দুখনত দুদিন শুনানি গ্ৰহণ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷
খানাপাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় ৫ শতাধিক নেতা-কৰ্মীয়ে অখিল গগৈৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ তাৰ পিছতে যুটী সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই প্ৰয়োজন হ’লে প্ৰত্যেকখন জিলাত শুনানি গ্ৰহণৰ আশ্বাস দিয়ে সোমবাৰে নিশা। পুনৰ শুনানি সন্দৰ্ভত যুটীয়া সমিতিয়ে দিন নিৰ্ধাৰণ কৰিব বুলি কয়।
সোমবাৰে অখিল গগৈয়ে প্ৰতিবাদত বহাৰ অন্তত বিভিন্ন দল–সংগঠনৰে আলোচনা কৰাৰ অন্তত ৰাজেন্দ্ৰ আগৰৱালাই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গুৱাহাটীত পুনৰ শুনানি অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে৷ গুৱাহাটীত ১২৭টা সংগঠন আৰু শ-শ ব্যক্তি বিশেষৰ সাক্ষ্য গ্ৰহণ কৰি ৰাইজৰ দাবীৰ মূৰকত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গুৱাহাটীত পুনৰ শুনানি অনুষ্ঠিত হ’ব বুলি কয় অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই।
অখিল গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ৩ খন জিলাৰ বাবে দুদিন শুনানি অনুষ্ঠিত কৰিব আৰু ৩০ খন জিলাৰ বাবে ইয়াত মাত্ৰ এদিনৰ বাবে আহিছে৷ সেই হিচাপত ব্ৰহ্মপুত্ৰ উপত্যকাত ২০ দিন শুনানি লব লাগে যুটীয়া সংসদীয় সমিতিয়ে৷ অখিলে গুৱাহাটীত দুদিন, নামনি, উত্তৰ অসমত এদিনকৈ আৰু পাহাৰীয়া জিলা দুখনত দুদিন শুনানি গ্ৰহণ কৰাৰ দাবী জনায়৷ কৃষক নেতাগৰাকীয়ে অন্তত আৰু দুদনিৰ কাৰণে যুটীয়া সংসদীয় সমিতিয়ে থাকি যাওক বুলি কৈ আজি অসমীয়া মানুহে স্মাৰক দিবলৈ ওলাই আহিছে বুলি কয়৷ অসমীয়া মানুহৰ আৱেগটো তেওঁলোকে জানি জাওক বুলি কয়৷