জেৰাইত বিহু সমিতিৰ উদ্যোগত প্ৰতিবাদ, চৰকাৰক ধিক্কাৰ, ১৭ দিনেই সন্ধান নাই ৰেৱতী ফুকনৰ

ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইৰ ৰাইজে এই বছৰ বিহুৰ আনন্দ লভাৰ পৰিৱৰ্তে বিহু উদযাপন সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়৷ জেৰাইৰ জ্যেষ্ঠ নাগৰিক সকলোৰে আপোন ৰেৱতী ফুকনৰ সন্ধান উলিওৱাৰ দাবীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে জেৰাই বিহু উদযাপন সমিতিয়ে৷ জেৰাই বিহু উদযাপন সমিতিৰ উদ্যোগত সমদল উলিয়াই গাঁওখনৰ ৰাইজে চৰকাৰক ধিক্কাৰ দিয়ে৷ 

সমাজৰ বিভিন্ন প্ৰকাৰৰ লোকে জেৰাইত উপস্থিত হৈ ৰেৱতী ফুকনৰ পৰিয়ালৰ খবৰ লোৱা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে জেৰাই আঞ্চলিক ৰঙালী বিহুৰ উৎযাপন সমিতিৰ উদ্যোগত সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱৰ্তে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াই৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই দল-সংগঠনে শীঘ্ৰে ৰেৱতী ফুকনক সন্ধান উলিয়াবৰ বাবে দাবী জনায়৷ সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে গাঁওখনত উপস্থিত হৈ ৰেৱতী ফুকনৰ সন্ধান উলিয়াবলৈ চৰকাৰক দাবী জনায়৷ 

খোদ গুৱাহাটী মহানগৰীতে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ উত্থাপন হৈছে বৃহৎ প্ৰশ্ন৷ ৰাজ্যখনৰ ৰাজধানী মহানগৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, মন্ত্ৰী-বিধায়ক, বিয়াগোমা আমোলাসকলে বসবাস কৰে৷ যাৰ ফলত ২৪ ঘণ্টাই অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ কেইবাটাও বিভাগ সক্ৰিয় হৈ থাকে৷ কিন্তু এই খন মহানগৰীতে যোৱা ১৭ দিনে এগৰাকী লোক নিৰুদ্দেশ হৈ থকাৰ পিছতো কোনো ধৰণৰ তথ্য নাই অসম আৰক্ষী তথা গৃহ বিভাগৰ হাতত৷ 

ৰাজ্য খনৰ আগশাৰীৰ নাগৰিকৰ যোৱা ২২ এপ্ৰিলৰ পৰা কোনো ধৰণৰ শুংসুত্ৰ নাই৷ সাধাৰণ ঠেলাৱালা, ৰিক্সাৱালা, শ্ৰমিক-মজদুৰৰ সুৰক্ষাৰ কি অৱস্থা হ’ব পাৰে মহানগৰীত এবাৰ ভাবিলে বুকু কঁপি উঠিব৷   

পিচিজিৰ অন্যতম সদস্য ৰাজ্যৰ অন্যতম ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়৷ পুত্ৰ কৌশিক ফুকনে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এতিয়া ফুকনৰ পৰিয়ালে চিন্তাত দিন পাৰ কৰিছে৷ ৰেৱতী ফুকনৰ বৰ্তমানলৈ কোনো শুংসূত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে৷

ৰেৱতী ফুকনৰ পুত্ৰ কৌশিকে জনোৱা মতে বিগত দুদিন ধৰি অৰ্থাৎ ২২ এপ্ৰিলৰ পৰা পিতৃৰ মোবাইল বন্ধ হৈ আছিল৷ হঠাৎ যোগসূত্ৰ নোহোৱা হৈ পৰাত তিনিচুকীয়া আৰু মুম্বাইত থকা পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে। তিনিচুকীয়াৰ পৰা ২৪ এপ্ৰিলৰ পুৱাই গুৱাহাটীৰ জোৰোডস্থিত গৃহত উপস্থিত হৈ পুত্ৰ কৌশিকে পিতৃক ঘৰত বিচাৰি নাপাই বিবুদ্বিত পৰে৷ 

আনহাতে যোৱা কেইবাটাও দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতীয় সংগঠনে পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ যোৱা ১৭টা দিনে খোদ ৰাজ্যৰ ৰাজধানীৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী লোকৰ সন্ধান উলিয়াব নোৱাৰাত মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে ক্ষোভিত হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে৷ 

বিশেষকৈ চৰকাৰৰ গৃহ বিভাগ লজ্জাজনক ভাবে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত অৱৰোধ কৰি ৰেৱতী ফুকনৰ সন্ধান উলিয়াবৰ বাবে দাবী জনাই আহিছে চৰকাৰে কোনো ধৰণৰ সম্ভেদ উলিয়াব পৰা নাই ৰেৱতীৰ৷