
ডিব্ৰুগড়ঃ উজনিৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ জিলাত অব্যাহত আছে সেনা-আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান৷ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ হোৱাৰ পিছতে সমগ্ৰ উজনি অসমত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷
তাৰ মাজতে ডিব্ৰুগড় জিলাত মঙলবাৰে দিনত ভাগত তীব্ৰ অভিযান চলাই সেনাৰ এটা বৃহত দলে৷ প্ৰায় ৪ ঘণ্টা ধৰি চলা অভিযানত এগৰাকী ম্যানমাৰৰ পৰা প্ৰশিক্ষণ লৈ অহা আলফা কেডাৰক জালত পেলাবলৈ সক্ষম হয় সেনাই৷
জিলা খনৰ কাচমাৰীৰ হাতীগড়ত আলফা স্বাধীনৰ কেডাৰ দ্বিপেন সন্দিকৈ ওৰফে তজুশ্ৰী অসমক জালত পেলাই সেনাই। সেনাই আটক কৰি দীৰ্ঘ সময় জেৰা কৰি পিছত ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে দ্বিপেন সন্দিকৈ। জানিব পৰা মতে, দ্বিপেনে আলফাৰ কেইবাগৰাকী আগশাৰীৰ নেতাৰ অতি ঘনিষ্ঠ৷