
নামতিঃ অসমৰ বিভিন্ন দল-সংগঠন নাগৰিকক অসমত সংস্থাপন কৰিব বিছৰা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে সোমবাৰে অসমৰ ৰাইজে যুটীয়া সংসদীয় সমিতিয়ে অনুষ্ঠিত কৰা শুনানিত মত প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
মঙলবাৰে পুৱাই শিৱসাগৰ জিলাৰ নামতিত ৰাজপথলৈ ওলাই আহে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ, সমাজকৰ্মীৰ লগতে ১১ টা দল-সংগঠন। অঞ্চলটোৰ সমাজকৰ্মী নাথুৰাম দত্ত আৰু আয়ুব খানৰ উদ্যোগত নামতিৰ দল-সংগঠনৰ সহযোগত ৰাইজ একত্ৰিত হয়৷ দিনৰ ১১ বজাত নামতি চাৰিআলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি দল, মত নিৰ্বিশেষে ভাৰত চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰিবলৈ লোৱা আৰু ১৯৭১ চনৰ মাৰ্চ মাহৰ পিছত অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়ে৷
সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি সংকট নামি অহাই নহয় সাম্প্ৰদায়িক সংঘাতৰো সৃষ্টি হ’ব বুলি মত জাহিৰ কৰে। ইয়াৰ পাছত প্রতিবাদী সভাত অংশ গ্রহণ কৰা লোকেসকলে যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ সংকল্প গ্ৰহণ কৰে।
আনহাতে, সভাখনৰ পাছতে উপস্থিত ৰাইজে এক বিশাল প্রতিবাদী সমদল উলিয়াই ভাৰত চৰকাৰ হায়-হায়, অসম চৰকাৰ হায়-হায়, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায়-হায় শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত নামতি আঞ্চলিক উন্নয়ন সমিতিৰ সম্পাদক অজিত চন্দ্ৰ চেতিয়া, নামতি আঞ্চলিক নির্মাণ শ্রমিক ইউনিয়নৰ সভাপতি নাথুৰাম দত্ত, নামতি আঞ্চলিক চৰকাৰী পেঞ্চনাৰ ও ফেমিলী পেঞ্চনাৰ সন্থাৰ সভাপতি তলুশ্যাম চেতিয়া, নামতি আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ছামচুল হুচেইন, নামতি চাৰি আলি বৰমছজিদ জামাত হৈ চিৰাজ আলী আদিয়ে অংশ গ্ৰহণ কৰে৷
নামতি চাৰি আলি গৰিয়া-মৰিয়া আঞ্চলিক সমিতিৰ সভাপতি আয়ুব খান, নামতি চাৰি আলি সন্মিলিত মুছলিম যুৱ সমাজ সম্পাদক ৰেকিব আহমেদ, নামতি কৰুণাসাগৰ থ্রিফ চছাইটিৰ সভাপতি অজিত চেতিয়া, নামতি চাৰিআলি জমিয়ত উলামা-ই-হিন্দৰ সভাপতি হাচিম আলী, কৃষক শ্রমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ নামতি আঞ্চলিক সমিতিৰ সভাপতি ৰমজান আলী, আমছুৰ নামতি আঞ্চলিক সমিতিৰ শিক্ষা ও সাংস্কৃতিক সম্পাদক লুতফুৰ ৰহমানে স্বাক্ষৰ কৰা এখন দাবী পত্র যুটীয়া সংসদীয় সমিতিলৈ নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰাজ কুমাৰ দাসৰ জৰিয়তে প্ৰেৰণ কৰে।