
ধিংঃ শিক্ষক পবিত্ৰ৷ সমাজত শিক্ষাৰ পোহৰ বিলাই সভ্যতাৰ পথ প্ৰদৰ্শনকাৰী শিক্ষকসকলক দেখিলে আজিও মানুহে নতশিৰ কৰে৷ কিন্তু তাৰ মাজতে এচাম এনে শিক্ষকো আছে, যিয়ে অৰ্থৰ লোভতে হওক বা চৰিত্ৰৰ স্খলনৰ বাবেই হওক এনে কাম কৰি আহিছে যাৰ দ্বাৰা সমগ্ৰ শিক্ষকসমাজৰ গাত কংলকৰ দাগ লাগে৷
শেহতীয়াকৈ NRCৰ নামত দৰিদ্ৰ লোকৰ পৰা ধন দাবী কৰি শিক্ষক বৃত্তিত কালিমা সানিছে ধিঙৰ এজন শিক্ষকে৷ ধিঙৰ ধূপগুৰি ফকৰ উদ্দিন আলী আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলামে দৰিদ্ৰ পৰিয়ালে NRCত দাখিল কৰা তথ্য শুধৰণি কৰাৰ নামত ধন দাবী কৰি আহিছিল৷
জানিব পৰা মতে, ধিঙৰ ধূপগুৰি অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ য়াছিন আলী নামৰ লোকজনৰ পৰা খাইৰুল ইছলাম নামৰ শিক্ষকজনে নগদ ৫০ হাজাৰ টকা NRCত দাখিল কৰা তথ্য শুধৰাই দিয়াৰ নামত দাবী কৰে৷
শিক্ষকজনৰ এনে দাবীৰ পিছতে উপায়বিহীন হৈ য়াছিন আলী নামৰ লোকজনে মঙলবাৰে ধিং চক্ৰ বিষয়াৰ ওচৰত উপস্থিত হৈ শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ কৰে৷
দৰিদ্ৰ লোকজনৰ অভিযোগ মতে তেওঁলোকৰ হাতত NRCৰ সকলো নথি পত্ৰ মজুত থকাৰ পিছতো কেৱল তথ্য শুধৰণি কৰাৰ নামত শিক্ষক খাইৰুল ইছলামে নগদ ৫০ হাজাৰ টকা দাবী কৰে৷
য়াছিন আলীৰ অভিযোগৰ পিছতে ধিং চক্ৰ বিষয়াই শিক্ষকজনক এই বিষয়ে সোধপোছ কৰে৷ শিক্ষকজনক সোধ পোছ কৰি তেওঁৰ ওপৰত উত্থাপিত হোৱা অভিযোগ সঁচা প্ৰমাণিত হোৱাত পিছত ধিং আৰক্ষীয়ে ধৃত শিক্ষক খাইৰুল ইছলামক আটক কৰি অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখে৷