ঐতিহাসিক ৰংঘৰৰ বাকৰিত সমাজকৰ্মী দিগন্ত কোঁৱৰৰ অনশন, অসমীয়াক একত্ৰিত হোৱাৰ আহ্বান

newsnextone.com,জয়সাগৰঃ অসমৰ বিভিন্ন দল-সংগঠন নাগৰিকক অসমত সংস্থাপন কৰিব বিছৰা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৭ মে’ত অসমৰ ৰাইজে যুটীয়া সংসদীয় সমিতিয়ে অনুষ্ঠিত কৰা শুনানিত মত প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷

তাৰ মাজতে, বুধবাৰে পুৱাৰে পৰা শিৱসাগৰ জিলাৰ জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী দিগন্ত কোঁৱৰে অকলে অনশনত বহে৷ ঐতিহাসিক ৰংঘৰৰ সন্মুখত পুৱা ১১ বজাৰ পৰা ১বজালৈ ২ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷

অনশনত বহা দিগন্ত কোঁৱৰে দল, মত নিৰ্বিশেষে ভাৰত চৰকাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়৷ ১৯৭১ চনৰ মাৰ্চ মাহৰ পিছত অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা কাৰ্যক ধিক্কাৰ দি চৰকাৰক অসম বিৰোধী আখ্যা দিয়ে৷