ৰাজপথত মেখেলা পিন্ধালে বিতৰ্কিত মন্ত্ৰী ৰাজেন গােহাঁই-প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ক

newsnextone.com | ধেমাজিঃ বুধবাৰে বিতৰ্কিত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গােহাঁই আৰু প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী অৰ্ধেন্দু দে’ৰ বিৰুদ্ধে ধেমাজিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ধেমাজি নগৰৰ মাজমজিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আৰু প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী অৰ্ধেন্দু দে’ক মেখেলা পিন্ধাই প্ৰতিকৃতি দাহ কৰে৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৰাজপথ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰে’ল ৰাজ্য মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই আৰু প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী অৰ্ধেন্দু দে’ক প্ৰতিকৃতি দাহ কৰে৷

উল্লেখ্য যে, ৭ মে’ত খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিয়ে শুনানি অনুষ্ঠিত কৰি থকাৰ সময়তে মন্ত্ৰী ৰাজেন গােহাঁয়ে বিধেয়ক খনৰ সমৰ্থন কৰিছিল৷ ৰাজেন গোহাঁয়ে আমি হিন্দু বাংলাদেশীক সুৰক্ষা দিছো আৰু এই কথাত একো লুকুৱাবলগীয়া নাই বুলি কৈ তেওঁলোকে আমাক নিৰ্বাচনৰ সময়ত সহায় কৰিছিল। আইনখনৰ বিৰোধিতা কৰাসকলে বৰাকত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে আন্দোলন কৰক বুলি প্ৰত্যাহ্বান জনাইছিল।

আনহাতে ৮ মে’ত প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী অৰ্ধেন্দু দে’ই হোজাইৰ এখন সভাত অংশ লৈ ২০ বছৰ আগৰ দিন আৰু এতিয়াৰ দিন একে নাই বুলি কৈ ২০ বছৰ আগত আমাৰ পিছত কোনো নাছিল বুলি কয়৷ এতিয়া আমি কাকো ভয় নকৰো, কেৱল দুই–চাৰিজনৰ দল লৈয়েই অসম নহয়, আৰু বহুতক লৈহে গঠিত হৈছে অসম ৰাজ্য বুলি বতৰ্কিত মন্তব্য প্ৰকাশ কৰে৷ 

দুয়োগৰাকী ৰাজনেতাই বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ সমগ্ৰ অসমতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সাংসদ তথা ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁই বিধেয়কখনৰ সপক্ষে থিয় দিয়াত জাঙুৰ খাই উঠিছে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতি। 

আনহাতে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ক অসম খনক অগ্নিগৰ্ভা পৰিস্থিতিৰ দিশলৈ নিনিবলৈ সকীয়াই দিয়ে সংগঠনটোৱে৷  ধেমাজি নগৰৰ মাজমজিয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতি আৰু পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে ৰাজেন গোহাঁই আৰু অৰ্ধেন্দু দে’ৰ মেখেলা আৰু জোতা-চেন্দলৰ মালা পিন্ধাই প্ৰতিকৃতি দাহ কৰে৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷

কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিত দাস, জিলা সমিতিৰ সভাপতি প্ৰিয়াংকু প্ৰতীম চুতীয়া, জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সভানেত্ৰী সোনমণি শইকীয়া, জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, সম্পাদিকা লাৱণ্য গগৈ উপস্থিত থাকে।