
newsnextone.com | বৰপেটাঃ বিজেপি চৰকাৰৰ অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ দল-সংগঠনে৷ এতিয়া প্ৰতিদিনে ৰাজ পথত অসমৰ জনসাধৰণে অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দি দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰা বিজেপিয়ে এতিয়া অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি অসমত লাখ লাখ বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰে৷ যাৰ বাবে ৰাজ্যৰ ৰাইজ আজি ক্ষোভিত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত বুধবাৰে নামনিৰ বৰপেটা জিলাত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে লব বিছৰা অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সংগঠনটোৰ নেতা-কৰ্মীয়ে ৰাজ পথলৈ ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পথ অৱৰোধ কৰি বিধেয়কৰ কপি দাহ কৰে৷
সমগ্র অসমত প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিকী দাহ কৰি এই খন বিধেয়ক অসমৰ বাবে প্ৰযোজনীয় নহয় বুলি কয়৷ বাংলাদেশৰ পৰা পৰা লোকৰ বাবে আজি গৰিয়া জনগোষ্ঠীৰ অসমত অস্তিত্ব নোহোৱা বুলি কয় গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে৷
ধৰ্মীয় পৰিচয়ৰে একত্ৰিকৰণ কৰাৰ ফলত গুৰুত্বহীন সংখ্যালঘুত পৰিণত হোৱাৰ লগতে গৰিয়াসকলে খিলঞ্জীয়াৰ মৰ্যদা হেৰুওৱা বুলি কয়৷ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক মৰ্যদা হেৰুওৱা বুলি কৈ যদি এই আইনৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰে সেই একেই অৱস্থা অসমৰ হিন্দু ধৰ্মাৱলম্বী খিলঞ্জীয়াৰ হ’ব বুলি কয় আজিজুল ৰহমানে৷ যাৰ বাবে এই আইনৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায় ৰহমানে৷
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীয়ে বৰপেটা টাউনত পথ অৱৰোধ কৰে৷ কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসমীয়াৰ স্বাভিমানক লৈ খেলা কৰা নচলিব আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি বিজেপি দল আৰু চৰকাৰক অসম বিৰোধী আখ্যা দিয়ে৷