
newsnextone.com | চিচিবৰগাওঁঃ ধেমাজিত বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে৷
জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দি দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰা বিজেপিয়ে এতিয়া অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি অসমত লাখ লাখ বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰে৷ যাৰ বাবে ৰাজ্যৰ ৰাইজ আজি ক্ষোভিত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ধেমাজি জিলা সমিতিৰ জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰি ধেমাজী নগৰ কঁপাই তোলে। অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী গ’বেক, অসম ধ্বংস কৰিব দিয়া নহ’ব আজি শ্ল’গান দি ৰাজ পথ কঁপাই তোলে৷
কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক দেৱজিত দাস, জিলা সমিতিৰ সভাপতি প্ৰিয়াংকু প্ৰতীম চুতীয়া, উপদেষ্টা নৃপেন ভিতৰুৱাল কোৱঁৰ, বিপুল চাংমাই, সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, উপ-সভাপতি প্ৰভাত গগৈ, যুটীয়া সম্পাদক ৰঞ্জন বৰাৰ লগতে ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অসমীয়া প্ৰতিদিন কাকতৰ ধেমাজিৰ প্ৰতিনিধি অশ্চীনি দুৱঁৰা উপস্থিত থাকি প্ৰতিবাদী সভাত বক্তব্য ৰখাৰ লগতে ধেমাজি ব্যৱসায়ী সন্থাৰ বিষয়-ববীয়াসকল উপস্থিত থাকে৷