
newsnextone.com | তেজপুৰ/তেজপুৰ টাউনঃ তেতিয়া তেওঁৰ ১৩ বছৰ বয়স আছিল৷ দেশৰ সুপুত্ৰ আছিল তেওঁ৷ মহান সুপুত্ৰই ১৩ বছৰ বয়সতে তেওঁ এটি কবিতা লিখিছিল৷ তেতিয়া আছিল ইংৰাজৰ শাসন কাল৷ সমগ্ৰ দেশে যুঁজি আছিল ইংৰাজৰ বিৰুদ্ধে৷ এই কথা খিনি কৈ অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম...ভঙা ভঙা অসমীয়াৰে কবিতা পাঠ কৰে তেওঁ৷
সেই দিনটো আছিল চলিত বৰ্ষৰে ৩ ফেব্ৰুৱাৰী৷ কবিতা পাঠ কৰা মানুহ গৰাকী আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ অসমৰ চৰকাৰে গুৱাহাটীত অনুষ্ঠিত কৰা বিশ্ব বিনিয়োগকাৰী সন্মিলনত তথা এডভাণ্টেজ অসমত অংশ লৈ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ‘অগ্নিযুগৰ ফিৰিঙতি’ কবিতা আওৰোৱাৰ চেষ্টা কৰিছিল মোডীয়ে৷ ১৩ বছৰ বয়সতে ভূপেন হাজৰিকাই নতুন অসম গঢ়াৰ কথা কৈছিল বুলি কৈ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা কৰিছিল মোডীয়ে৷
ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈ যোৱা বিশ্ব বিনিয়োগকাৰী সন্মিলনত অংশ লৈ মোডীয়ে মুখেৰে সুধাকন্ঠৰ কবিতা আওৰাই প্ৰমাণ কৰিব বিচাৰিছিল তেওঁ অসমক কিমান ভাল পায়৷ অসমৰ আৱেগ-অনুভূতি সুধাকন্ঠ ভূপেন হাজৰিকা আৰু প্ৰধানমন্ত্ৰীয়ে অসমীয়া কবলৈ কৰা চেষ্টাক অসমবাসীয়ে বাঃ বাঃ দিব৷ সেই সময়ত ৰাইজে বাঃ বাঃ নিদিলেও সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ কৰা হৈছিল প্ৰধানমন্ত্ৰী মোডীৰ অসমীয়া কোৱা বিষয়টোক লৈ৷
এতিয়া সময় সলনি হৈছে৷ এতিয়া অসমৰ আপোন হ’ব খোজা প্ৰধানমন্ত্ৰীৰ নিতৌ প্ৰতিকৃতি জ্বলিছে৷ লেই-লেই চেই-চেই কৰিছে ৰাইজে৷ কিয়নো প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বৰ চৰকাৰে অসমত বাংলাদেশৰ পৰা হিন্দু শৰাণাৰ্থী আনি অসমত জাপি দি অসমীয়া জাতিক ধ্বংস কৰিব খোজে৷ অস্তিত্ব নোহোৱা কৰিব খোজে অসমীয়া জাতিৰ৷
যাৰ বাবে এতিয়া দিনে নিশাই ৰাইজে ৰাজ পথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ৷
মোডী চৰকাৰক জাতিদ্ৰোহী আখ্যা দিছে৷ যিখন আইন সংশোধন কৰি অসমত বাংলাদেশী জাপি দিব খোজে সেই খন আইন অসমীয়াই কোনো কাৰণত মানি নোলোৱাৰ হুংকাৰ দিয়ে৷ অসমৰ ৰাইজে নেৰানেপেৰা আন্দোলন অব্যাহত ৰখাৰ সময়তে যোৱা ৭ মে’ৰ পৰা উত্তৰ পূৰ্বাঞ্চলত যুটীয়া সংসদীয় সমিতিয়ে শুনানি অনুষ্ঠিত কৰিছে৷ ৭ মে’ৰ পৰা অসমৰ ৰাইজেও প্ৰতিবাদ আৰম্ভ কৰিছে নতুনকৈ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ বালিপৰাত প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাইজে৷ যোৱা তিনিটা দিনত বালিপৰৰা ৰাইজে প্ৰবল জনমত গঢ়ি কৰি গৈছে প্ৰতিবাদ৷ বৃহস্পতিবাৰে বালিপৰাৰ ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰধানমন্ত্ৰী মোডীক সোঁৱৰাই দি কলে সেই ঐতিহাসিক গান-কবিতাটোৰ কথা৷
অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম।
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব
পুনৰ ফিৰাই আনিম
নতুন অসম গঢ়িম।
নৰ-কংকালৰ অস্ত্ৰ সাজি
শোষণকাৰীক বধিম।
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব
পুনৰ ফিৰাই আনিম।
নতুন অসম গঢ়িম।
ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত।
জাতিৰ অহংকাৰ লয় পাব তাত।
অস্পৃশ্যতাৰ মহাদানৱক
আপোন হাতেৰে নাশিম।
নতুন অসম গঢ়িম।
হৰিজন, পাহাৰী, হিন্দু, মুছলিমৰ
বড়ো, কোঁচ, চুতীয়া, কছাৰী, আহোমৰ
অন্তৰ ভেদি মৌ বোৱাম
ভেদাভেদৰ প্ৰাচীৰ ভাঙি
সাম্যৰ সৰগ ৰচিম
নতুন অসম গঢ়িম।
বালিপৰাৰ ৰাইজে সুধাকন্ঠৰ কালজয়ী কবিতা আওৰাই মোডীক কলে এই কবিতাটো তুমি হিন্দীত অনুবাদ কৰি লোৱা৷ অগ্নিযুগৰ ফিৰিঙতি মই গীতৰ দুফাঁকি গাই অসমীয়া ৰাইজক আৱেগিক কৰি ভোট আদায়ৰ চেষ্টা কৰা নৰেন্দ্ৰ মোডীক সমালোচনা কৰি গীতটো সম্পূৰ্ণকৈ শুনিবলৈ আহ্বান জনায়৷ ইমানে নহয় অসমীয়াত নাজানিলে হিন্দীত অনুবাদ কৰি শুনিবলৈ কয় বালিপৰাৰ ৰাইজে৷ অসম সেনাৰ শোণিতপুৰ জিলাৰ মুখ্য সংগঠক ৰাজনিশ শইকীয়াই ‘অগ্নিযুগৰ ফিৰিঙতি মই’ কবিতাটো অসমীয়াত নাজানিলে হিন্দীত অনুবাদ কৰি শুনিলে মোডীয়ে অসমীয়াৰ আৱেগ আৰু অস্তিত্বৰ কথা বুজিব পাৰিব বুলি কয়৷
বৃহস্পতিবাৰে বালিপৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছু, অসম সেনা, আক্ৰাছু, আগছু, এবছু, টিএমপিকে, আদিবাসী ছাত্ৰ সন্থা, আমছুৱে৷ বালিপৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন শ্ল’গানৰে আকাশ বতাহ কঁপাই তুলি এজনো বাংলাদেশী অসমে গ্ৰহণ নকৰে বুলি কয়৷