
newsnextone.com | গুৱাহাটীঃ অসমৰ জাতি-মাটি-ভেটিৰ স্বাৰ্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যৰ শাসনভাৰ হাতৰ মুঠিলৈ অনা সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ চৰকাৰে অসমৰ স্বাৰ্থত কাম কৰা নাই৷ অসমৰ খিলঞ্জীয়াৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰা বিজেপিয়ে দেখুৱাই দিছে যে তেওঁলোকে জনতাৰ বাব নহয়, দলীয় স্বাৰ্থত হে ৰাজনীতি কৰে৷ এনেবোৰ কথা এতিয়া মানুহৰ মুখে মুখে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়তে এইবাৰ বিজেপি চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে বিজেপিৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ শুকুৰবাৰে এখন সংবাদমেল আয়োজন কৰি চন্দ্ৰ মোহন পাটোৱাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণক লৈ মন্তব্য আগবঢ়াই অসমৰ ৰাইজক তেওঁলোক যে বিপদত নেপেলায় তাকেই আশ্বাস দিবৰ বাবে চেষ্টা কৰে৷
মন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত সৃষ্টি হোৱা উত্তাল পৰিস্থিতি সম্পৰ্কে মন্তব্য কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যবাসীয়ে এনে উত্তাল পৰিস্থিতি সৃষ্টি কৰাৰ প্ৰয়োজন নাই৷ মুখ্যমন্ত্ৰী সোণোৱালৰ চৰকাৰে কেতিয়াও অসম বিৰোধী কাম নকৰে বুলি মন্তব্য প্ৰকাশ কৰে৷ চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰাইজক চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনায়৷
সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়৷ আইএমডিটি আইনৰ কথা কৈ কংগ্ৰেছক উভতি ধৰি সেই সময়ৰ কংগ্ৰেছ চৰকাৰক তিনিমুখীয়া আখ্যা দি তৰুণ গগৈ সমালোচনা কৰে৷ তেওঁ আইএমডিটি আইনখন সংসদৰ মজিয়াত উত্থাপন হওঁতে অসমত শুনানি গ্ৰহণ কৰা হৈছিল নেকি বুলি প্ৰশ্ন কৰি কংগ্ৰেছে গোপনেই সংসদত আইনখন পাছ কৰিছিল বুলি কয়৷
ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে তৰুণ গগৈ তথা কংগ্ৰেছে কৰা বিৰোধিতা কেৱল দেখুৱাবলৈহে বুলি মন্তব্য কৰি বিজেপি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে বৰ্তমান দুমুখীয়া নহয়, তিনিমুখীয়া স্থিতি ধাৰণ কৰিছে৷
আনহাতে সংবাদমেলত পাটোৱাৰীয়ে তৰুণ গগৈয়ে ৰাজনৈতিক জীৱন ত্যাগ কৰিব নালাগে বুলি কটাক্ষ কৰে৷ হাঁহিবৰ বাবেই গগৈক আমাৰ মাজত লাগিব বুলি ইতিকিং কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ ব্যৰ্থতাক সমালোচনা কৰে৷
যদি মেঘালয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব পাৰে, তেন্তে অসমে কিয় নোৱাৰে বুলি সোধা এটা প্ৰশ্নৰ উত্তৰ দি চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয়, ‘‘অসম চৰকাৰে মেঘালয় চৰকাৰৰ দৰে সিদ্ধান্ত ল’ব নোৱাৰে৷ কাৰণ মেঘালয়ত এনআৰচিৰ কাম হোৱা নাই৷’’ আনহাতে জেপিচিয়ে যদি চৰকাৰৰ মতামত বিচাৰে তেন্তে চৰকাৰে মতামত দিব বুলিও সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে পাটোৱাৰীয়ে৷
উল্লেখ্য যে, বিজেপিৰ মিত্ৰ শক্তি অসম গণ পৰিষদেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত অন্ধকাৰ কৰি অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদ জনায়৷ শুকুৰবাৰে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অগপে কৰা প্ৰতিবাদৰ বাবে বিজেপিয়ে অকনো বেয়া পোৱা নাই বুলি মন্তব্য কৰে৷