
newsnextone.com | গোৰেশ্বৰঃ ৰাজ্য চৰকাৰে ৰাজকোষৰ কোটি কোটি উদং কৰি নমামি উৎসৱৰ আয়োজন কৰাৰ সময়ত যেনেদৰে প্ৰস্তুতি চলিছিল থিক তেনেদৰে প্ৰস্তুতি চলিছে বিটিএডিত৷ বিটিএডিত নমামি উৎসৱ নহয় বিটিএডিৰ শাসকীয় দল বিপিএফৰ অধিবেশনৰ বাবেহে ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ এইবালি অহা ১২ মে’ত দিনজোৰা কাৰ্যসূচীৰে বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ শুক্লাইত অনুষ্ঠিত হ’ব অধিবেশন৷
বড়োলেণ্ড পিপুলচ পাৰ্টী চমুকৈ বিপিএফৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় অভিৱৰ্তনৰ বাবে ভাৰত-ভূটান সীমান্তত শ-শ লোক এতিয়া ব্যস্ত৷ বিশাল মঞ্চ, ৰভা, খাদ্য গৃহ সাজু কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ শুক্লাই চেন্ট্ৰেল ষ্টেডিয়ামত ১২ মে' দিনজোৰা অনুষ্ঠিত হ’ব লগা কাৰ্যসূচীত নিশা অনুষ্ঠান পৰিৱেশন কৰিব বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চানে। ইয়াকে লৈ সমগ্ৰ জিলাখনতে অভিৱৰ্তন উপলক্ষে বিপিএফৰ নেতা-কৰ্মী উৎসাহিত হৈ পৰিছে৷ শুক্লাই চেৰফাং সমষ্টিৰ জিএম তথা বিটিচিৰ ইএম গনেশ কছাৰীক সভাপতি আৰু জীনাৰাম বড়োক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী পৰিচালনা সমিতি গঠন কৰা হৈছে।
উদ্যোক্তা সকলে জনাইছে যে অভিৱর্তনত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি বিপিএফৰ প্ৰায় সকলো নেতা উপস্থিত থাকিব। সিদিনা পুৱা ৮ বজাত বিপিএফৰ পতাকা উত্তোলন কৰিব হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰ লগতে মহিলা, যুৱ, সংখ্যালঘু কোষ আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰা হ'ব। অভিৱৰ্তনত বিটিএডিৰ ১০ খন আৰু সৰ্বমুঠ ১৮ খন বিপিএফৰ জিলা সমিতিয়ে অংশ গ্ৰহণ কৰিব।
ইয়াৰ পিছতে মূল কাৰ্যসূচী প্ৰতিনিধি সভা আয়োজিত হ'ব। আনহাতে নিশা ৯ বজাৰ পৰা ১১ বজালৈ বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী চানে সংগীত পৰিৱেশন কৰিব। সুবিশাল ৰভা আৰু মঞ্চ নিৰ্মাণৰ বাবে দিনে-নিশাই কৰ্মচাৰীয়ে যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলাইছে। প্ৰায় ২০ হাজাৰ লোকৰ আপ্যায়নৰ লগতে নিশা চানৰ সংগীতানুষ্ঠানত এক লাখ দৰ্শকৰ সমাগম হ'ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। ইয়াকে লৈ সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। সমগ্ৰ অনুষ্ঠানটোৰ বাবে প্ৰায় এক কৌটি ১ কোটি টকাৰ বাজেট গ্ৰহণ কৰা হৈছে বুলি প্ৰচাৰ চলিছে। একাংশ লোকে বিপিএফ দলে অধিবেশনত মুম্বাইৰ তাৰকাক আমন্ত্ৰণ জনাই ৩০-৪০ লাখ টকা
খৰছ কৰাতকৈ স্থানীয় উন্নয়নতহে সেই টকা খৰছ কৰাৰ প্ৰয়োজন আছিল বুলি কয়৷