১৬ মে’ত অনুষ্ঠিত হ’ব চকলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু

নগাঁওঃ নগাঁও জিলাৰ বৃহত্তৰ চকলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ অহা ১৬ মে’ত দিনজোৰা কাৰ্যসূচীৰে চকলাঘাট ৰাস মন্দিৰ প্ৰেক্ষাগৃহত উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে দেৱ কুমাৰ বৰাক সভাপতি, অতুল চন্দ্ৰ শইকীয়াক কাৰ্যকৰী সভাপতি, গিৰিকান্ত বৰাক সম্পাদক তথা বিকাশ বৰাক যুটীয়া সম্পাদক হিচাপে লৈ শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে৷

কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বিহুৰ পতাকা উত্তোলন, ৯.৩০ বজাত স্মৃতি তৰ্পণ আৰু ১০ বজাত পৰিবেশ সজাগতা-বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত দুপৰীয়া ১২ বজাৰ পৰা হুচৰি বিহু আৰু জেংবিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ক্ষীৰোদ কুমাৰ ৱৰুৱাই উদ্বোধন কৰিবলগীয়া প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰিব৷ 

সন্ধ্যা ৬ বজাত বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে নিশা ৮ বজাৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই উদ্বোধন কৰিবলগীয়া অনুষ্ঠানত অসমীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকৃতা-অলংকৃতা আৰু অসীম দাসে সংগীতানুষ্ঠান পৰিবেশন কৰিব৷ জেংবিহু আৰু হুচৰী বিহু প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে নগদ ৩০০১ টকা, ২০০১ টকা আৰু ১০০১ টকাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ’ব বুলি প্ৰচাৰ উপ-সমিতিৰ সভাপতি কল্যাণ কুমাৰ বৰা আৰু সম্পাদক জয়ন্ত মুদৈয়ে জানিবলৈ দিছে৷