
নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ত শৈক্ষিক পৰিৱেশ বিনষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা গ্ৰহনত বিশেষ ভূমিকা পালন কৰি অহা কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ত যোৱা প্ৰায় ২ মাহে অধ্যক্ষ অবিহনে চলি আছে৷ যাৰ ফলত মহাবিদ্যালয়খনৰ প্ৰশাসনিক শৈক্ষিক কাম-কাজ ৰূপায়ণত ব্যাপক সমস্যাৰ সৃষ্টি হোৱাৰ লগতে শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ পৰিছে৷
জানিব পৰা মতে, মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থকা ৰুস্তম আলীক যোৱা ২৬ মাৰ্চত শিক্ষা বিভাগে এক জৰুৰী নিৰ্দেশনাৰ জৰিয়তে মহাবিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজ পৰিচালনা কৰাত তথা সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলাত চূড়ান্তভাবে ব্যৰ্থ হোৱাত লগতে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানি বৃহৎ বিত্তীয় কেলেংকাৰীত জৰিত হোৱাৰ অভিযোগত নিলম্বন কৰে৷
কিন্তু ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰুস্তম আলীক নিলম্বিত কৰাৰ ডেৰ মাহ উকলি যোৱাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই আজিকোপতি এজন ভাৰপ্ৰাপ্ত নাইবা স্থায়ী অধ্যক্ষ নিযুক্তি দিয়া নাই ৷ আনকি স্থানীয় সচেতন ৰাইজে বিগত সময়ছোৱাত বহুবাৰ অধ্যক্ষৰ দায়িত্ব কাকো অৰ্পণ নকৰাৰ হেতু মহাবিদ্যালয়ৰ প্ৰশাসনেক কাম-কাজ নিয়াৰিকৈ চলাই নিয়াত নানা প্ৰকাৰৰ সমস্যাৰ হোৱাৰ বিষয়ে নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক অৱগত কৰি আহিছে যদিও সংশ্লিষ্ট বিভাগে বিষয়টোক গুৰুত্ব নিদিয়াৰহে অভিযোগ উঠিছে৷
স্থানীয় সচেতন ৰাইজ তথা বহু দল-সংগঠনে মহাবিদ্যালয়খনত এজন নিষ্ঠাৱান, কৰ্মদক্ষ প্ৰৱক্তাক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে হ’লেও দায়িত্ব অৰ্পন কৰিবলৈ দাবী জনাইছে ৷ মহাবিদ্যালয়খনৰ জ্যেষ্ঠ প্ৰৱক্তা, ১৯৮৮ চনৰ পৰাই কৰ্ম সম্পাদন কৰি মহাবিদ্যালয়খনত সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত বিশেষ অৰিহনা যোগাই অহা অসমীয়া বিভাগৰ প্ৰৱক্তা আব্দুল কাদেৰ জোদ্দাক মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দায়িত্ব দিবলৈ একাংশ লোকে দাবী জনাইছে৷
আনহাতে এটি চক্ৰই মহাবিদ্যালয়খনৰ কনিষ্ঠ প্ৰৱক্তাক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত বহুৱাবৰ বাবে এক ষড়যন্ত্ৰ ৰছনা কৰা বুলিও খবৰ প্ৰকাশ হৈছে৷ কাজেই, সুবিধাবাদী চক্ৰটোৰ ষড়যন্ত্ৰত পতিয়ন নগৈ মহাবিদ্যালয়খনৰ উন্নয়ণৰ স্বাৰ্থত জ্যেষ্ঠতাৰ ভিত্তিত এজন দায়িত্বশীল আৰু কৰ্তব্যপৰায়ণ ব্যক্তিকহে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিবলৈ বিভাগীয় কৰ্তৃপক্ষক ৰাইজ, মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলে দাবী জনায়৷