
newsnextone.com | কামপুৰঃ পথাৰত পৰি থকা তাঁৰে শুকুৰবাৰে প্ৰাণ ললে এজন লোকৰ৷ নগাঁও জিলাৰ কামপুৰত বিদ্যুৎস্পৃষ্ট হৈ দুজন লোকে কৰুণ মৃত্যুক আকোৱালি লয়৷ কামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ কামপুৰৰ ঘিলানী আদৰ্শ গাঁৱৰ এজন লোকে ছাগলী আনিবলৈ গৈ পথাৰত পৰি থকা বিদ্যুতৰ তাঁৰত লাগি কৰুণ মৃত্যুক আকোৱালি লয়৷
জানিব পৰা মতে, আদৰ্শ গাঁৱৰ বলোভদ্ৰ দাস নামৰ লোকজনে পথাৰত ছাগলী বিচাৰি যােৱাৰ সময়তে পথাৰৰ মাজত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটি লব লগা হয়। আনহাতে ১৫/২০ ধৰি এনেদৰেই পৰি থকা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ সমূহৰ বিদ্যুত বিভাগে কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰে৷ পাছত স্থানীয় লোকে কামপুৰ আৰক্ষীক খৱৰ দিয়াত ঘটনা স্থলীত আৰক্ষী উপস্থিত হয়৷
ক্ষোভিত ৰাইজে বিদ্যুৎ বিভাগৰ লোক উপস্থিত নোহোৱা পৰ্যন্ত নিহত লোক জনৰ উক্ত স্থানৰ পৰা আঁতৰাই নিবলৈ দিয়া নহব বুলি কয়৷ বিদ্যুত বিভাগে ক্ষতি পূৰণ দিয়াৰ দাবী উত্থাপন কৰে ৰাইজে৷ জানিব পৰা মতে, বছৰ বছৰ ধৰি মেৰামতি তথা পৰ্যবেক্ষণ নকৰাৰ ফলত এনেদৰে তাঁৰ ছিঙি পৰি আছিল৷ ধুমুহা-বৰষুণ দিয়াৰ পিছতো কোনো দিনে বিদ্যুতৰ তাঁৰ সমূহ বিভাগৰ লোকে চাবলৈ নাহে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷
উল্লেখ্য যে ২০১৭ বৰ্ষত বাৰিষাৰ বৰষুণ পৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইটোৰ পিছত সিটো বিদ্যুতস্পৃষ্ট হোৱাৰ ঘটনা সংঘটিত হৈ এজনৰক পিছত আন এজনৰ লোকৰ মৃত্যু হৈছিল৷ ২০১৭ বৰ্ষত যেন লাইট জ্বলাবলৈ, ফেন চলাবলৈ নহয় মানুহক যমৰ ঘৰ দেখুৱাবলৈকেহে ৰাজ্যত যে বিদ্যুৎ যোগান অব্যাহত ৰাখিছিল শক্তি বিভাগে। ২০১৭ বৰ্ষত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় ৯০ গৰাকী লোকৰ প্ৰাণ গৈছিল ২০১৭ বৰ্ষত৷
২০১৭ বৰ্ষৰ ১৪ জুনত প্ৰথম চিকাৰ হৈছিল পুষাণ কলিতা নামৰ এজন ছাত্ৰ আৰু আনোৱাৰ হুছেইন নামৰ এজন লোক৷ কৃত্ৰিম বানৰ ফলত পথত জমা হোৱা পানীত পৰি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ অকালতে মৃত্যুক সাৱটি লয় ছাত্ৰজনে।
ছাত্ৰজনক বচাবলৈ গৈ আনজন লোকো মৃত্যুমুখত পৰে। পুষাণ কলিতা নামৰ ছাত্ৰ জন বিদ্যুৎস্পৃষ্ট হোৱাত আনোৱাৰ হুছেইন নামৰ লোকজনে নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি বছাবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লয় দুয়োজনেই।
তাৰ পিছতে একেটা বৰ্ষৰ ২২ জুনত এজাক বৰষুণতে জলমগ্ন হৈ পৰা জুৰোডেৰে সুগম পথৰে দায়িত্ব সমাপন কৰি কৰ্মস্থলীৰ পৰা গৃহ অভিমুখে আহি থকা দুলাল মালাকাৰ নামৰ আন এজন যুৱকে পানীৰ তলত পৰি থকা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাৰত লাগি থিতাতে মৃত্যুক সাৱতি লয়।
একেটা বৰ্ষৰ ১৭ জুলাইত লখিমপুৰ জিলাৰ বগীনদীৰ ১নং কাৱৈমাৰিৰ দুৰ্গা প্ৰসাদ ৰায়ৰ পুত্ৰ আকাশ ৰায় নামৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ এটি পুখুৰীৰ পাৰৰ হাবিৰ মাজত পৰি থকা তাৰত লাগি মৃত্যু হয়৷ বৰশী টোপ বিচাৰি ফুৰোতে পূৰ্বৰে পৰা মাটিত পৰি থকা বিদ্যুতৰ তাঁৰত লাগি থিতাতে মৃত্যু হয় আকাশৰ। এয়া মাত্ৰ কেইটামান উদাহৰণ হে৷
এনেদৰে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰায় ৯০ গৰাকী লোকৰ প্ৰাণ গৈছিল ৰাজ্যত৷ আশা কৰা হৈছিল এটা বছৰৰ পিছত চৰকাৰ সলনি হ’ব সলনি হ’ব বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰী৷ মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিব৷ কিন্তু আজিও বিদ্যুৎ বিভাগৰ গাফিলতি দূৰ নহ’ল৷
মন্ত্ৰী সলনি বিভাগৰ৷ কিন্তু বিষয়া-কৰ্মচাৰী কাম কৰাৰ ধ্যাণ-ধাৰণা সলনি নহ’ল৷