
newsnextone.com | নামতিঃ চহৰৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত প্ৰতিদিনে সংবাদ মেল, বিভিন্ন ধৰণৰ আলোচনা অনুষ্ঠিত হয়৷ চৰকাৰী পক্ষই বৰ বৰ কথা কৈ আমি এইটো কৰিলো সেইটো কৰিলো বুলি এখন প্ৰতিচ্ছবি দাঙি ধৰিব খোজে৷ বিৰোধী পক্ষই শূন্যতে গদা ঘুৰাই ৰাইজৰ একো হোৱা নাই বুলি কব খোজে৷ কিন্তু শাসক আৰু বিৰোধী পক্ষই ৰাজধানী চহৰত শীততাপ নিয়ন্ত্ৰিত কোঠাত কৌতুক কৰি থাকোতেই জনগণে জীৱন ধাৰণৰ বাবে যুঁজ দিব লগা হয়৷
কেতিয়াবা ভয়াবহ বান, কেতিয়াবা খৰাং, কেতিয়াবা পথাৰত পোকৰ অত্যাচাৰ, ৰাস্তা-ঘাটৰ বোকা-পানী, এটুপি বিশুদ্ধ খোৱাপানী, স্বাস্থ্য-শিক্ষা, দৰিদ্ৰ পৰিয়ালটোৱে চাউল মুঠিৰ বাবে হাহাকাৰ কৰিব লগাত পৰে৷ কিন্তু চহৰৰ শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা গাঁৱলৈ গৈ প্ৰকৃত ছবি খন প্ৰত্যক্ষ কৰাৰ চেষ্টা নকৰে নেতাসকলে৷ বিভিন্ন আঁচনিৰ কথাকৈ উন্নয়ন হোৱা বুলি দাবী কৰে যদিও প্ৰকৃততে সেয়া ফুটুকাৰ ফেনহে মাথো৷
কিন্তু প্ৰকৃততে চৰকাৰী পক্ষই কোৱাৰ দৰে হয়নে কথাবোৰ৷ গাঁৱৰ মানুহে কল্যাণমূলক আঁচনিৰ দ্বাৰা উপকৃত হয় নে৷ সেয়া জানিবলৈ গাঁৱলৈ যাব লাগিব চৰকাৰ৷ পৰিৱৰ্তনৰ কথা কৈ শাসনৰ বাঘজৰী হাতত লৈ বিজেপি নেতৃত্বাধীন চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত কাম নকৰি ধৰ্মৰ ভিত্তিত বিদেশীক সংস্থাপন কৰিবলৈ উঠি পৰি লাগিছে। দিছপুৰৰ গাদী দখল কৰাৰ পাছত গাঁৱৰ কথা পাহৰি গৈছে মন্ত্ৰী-বিধায়ক আমোলাই৷ কিন্তু গাঁৱৰ উন্নয়নৰ কথা নাভাবি বাকযুদ্ধতে লিপ্ত থাকি ৫ বছৰ পাৰ কৰিব খুজিছে বুলি চৰকাৰ খনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ সৰ্বসাধাৰণ ৰাইজ কেনেকৈ জীৱনধাৰণ কৰিছে সেয়া খবৰ লবলৈ আহৰি নাই৷
জৰাজীর্ণ পথৰে চলাচল কৰি কেনেদৰে জীৱন নিৰ্বাহ কৰিছে তাক ভাবিবলৈ চৰকাৰ খনৰ আহৰি নাই। চৰকাৰৰ চিন্তা মাথো কেনেদৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব পাৰি আৰু ভাৰতলৈ হিন্দু শৰণাৰ্থী আনিব পাৰি৷ শিৱসাগৰ জিলা গড়কাপ্তানী বিভাগৰ অন্তৰ্গত মেহগড় আলিৰ জৰাজীর্ণ অৱস্থাই ৰাইজক বাৰুকৈ জুৰুলা কৰিছে৷ মেৰামতি নকৰাৰ ফলত পথটোৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰে৷ ডাঙৰ ডাঙৰ গাতৰ বাবে গাড়ী চলোৱাটো দূূৰৰ কথা খোজকাঢ়িব পৰা পৰিৱেশ নাই পথটোত৷
ঐতিহাসিক ধোদৰ আলি-চুতীয়া বস্তি-হালোৱাটিং পথটো ৮.৫ কিঃ মিঃ দৈৰ্ঘ্যৰ৷ পথটো প্ৰায় ১০ বছৰ পূৰ্বে গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰিছিল যদিও নিৰ্মাণ কৰাৰ পিছৰে পৰা মেৰামতি নকৰাত ৰাইজে যামৰ-যাতনা ভোগ কৰিব লগা হৈছে৷ পথটোৰে দোপদৰ প্ৰাথমিক বিদ্যালয়, দোপদৰ হাইস্কুল, উৰিয়াবস্তি মজলীয়া বিদ্যালয়, বৰাহী বাৰী মূগা ফাৰ্ম, চাংমা গাঁও মূগা ফাৰ্মকে ধৰি বহু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ী আদি আহ-যাহ কৰে৷
কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক অনন্ত আৰন্ধৰাৰ নেতৃত্বত এটি প্ৰতিনিধি দলে পথটো পৰিদৰ্শন কৰি পথৰ অৱস্থা প্ৰত্যক্ষ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ফোনযোগে গড়কাপ্তানী বিভাগৰ অভিযন্তাৰ সৈতে বাৰ্তালাপ কৰাত আমগুৰি সমষ্টিৰ বিধায়কগৰাকীয়ে অনুদান দিলেহে পথৰ কাম কৰিব পৰা যাব বুলি অৱগত কৰে।
সংগ্ৰাম সমিতিৰ সম্পাদকগৰাকীয়ে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অভিযন্তাগৰাকীক দাবী জনায়। আনহাতে, বিধায়কগৰাকীৰ হস্তক্ষেপ বিচাৰি ৰাইজৰ সন্মুখতে জিলা উপায়ুক্তক স্মাৰক পত্ৰযোগে অৱগত কৰাৰ কথা ব্যক্ত কৰে সংগঠনটোৱে৷ সাংবাদিকক জানিবলৈ দিয়া মতে, বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে পথটোৰ মেৰামতি নকৰিলে পথ অৱৰোধৰ লগতে স্থানীয় ৰাইজৰ সহযোগত গড়কাপ্তানি বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কয়।