হিমন্ত ছাৰ, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান এৰিছে ৰোগীয়ে, এমাহে বিকল ৰেডিয়েচন দিয়া যন্ত্ৰ

newsnextone.com | গোৰেশ্বৰঃ বৰ্তমান সময়ত মহামাৰীৰ ৰূপ লোৱা কেঞ্চাৰ ৰোগত আক্ৰান্ত বহু লোকৰ মৃত্যু হয়। ভাৰত বৰ্ষত এই ৰোগে নিতৌ মানুহৰ প্ৰাণ লয়। বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগৰ চিকিৎসা ব্যায় বহুল হোৱাৰ লগতে ঔষধৰ অভাৱে বাৰুকৈয়ে বিপদত পেলাইছে ৰোগী তথা ৰোগীৰ পৰিয়ালক। 

এই ৰোগ নিৰাময়ৰ বাবে অসমৰ ৰোগীসকলে চিন্তাত কৰি দিন পাৰ কৰিব লগা হয়৷ ৰোগত আক্ৰান্ত ৰোগীসকলে অসমৰ বাহিৰত চিকিৎসা কৰিব লগা হয়৷ কিয়নো অসমত নির্দিষ্ট চৰকাৰৰ উন্নত চিকিৎসালয় নথকাৰ অভিযোগ উত্থাপন হয়৷ সময়ে সময়ে কৰ্কট ৰোগীৰ স্বাস্থ্য তথা জীৱনক লৈ হেতালি খেলাৰো চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়। 

তাৰ মাজতে এগৰাকী কৰ্কট ৰোগীয়ে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ৷ ৰাজ্যখনৰ কৰ্কট ৰোগীৰ চিকিৎসা সেৱা আগবঢ়াই অহা একমাত্ৰ চৰকাৰী কৰ্কট প্ৰতিষ্ঠানখনে ৰোগীৰ সা-সুবিধাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰোগীজনে৷ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু কৰ্কট ৰোগী গুৱাহাটীস্থিত ডা০ ভূবনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানখনলৈ আহে যদিও সময়মতে চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে বুলি সময়ে সময়ে গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ 

ৰাজ্যত দিনক দিনে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাই অহাত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা। অভিযোগ মতে, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত এমাহ ধৰি কৰ্কট ৰোগীক ৰেডিয়েচন দিয়া হোৱা নাই৷ কিয়নো ৰেডিয়েচন দিয়া যন্ত্ৰ বিকল হৈ আছে৷ তাৰ পিছতো কৰ্তপক্ষই কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰে খোদ ৰোগীয়ে। 

বাক্সা জিলাৰ গোৰেশ্বৰৰ মকুন্দপুৰ কাড়িপাৰা গাঁৱৰ প্ৰমোদ পাটোৱাৰী নামৰ ৰোগীগৰাকীয়ে যোৱা ৭ মাৰ্চ মাহৰ পৰা চিকিৎসা গ্ৰহণ কৰি আছে গুৱাহাটীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত। খাদ্য নলীত কৰ্কট ৰোগ ধৰা পৰাৰ পিছত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা গ্ৰহণ কৰি থকা ৰোগীয়ে এতিয়া আধাতে চিকিৎসা সামৰি  ঘৰলৈ উভতি আহিব লগা হৈছে। দিন হাজিৰা কৰা প্ৰমোদ পাটোৱাৰী নামৰ লোকজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, চিকিৎসকৰ পৰামৰ্শ মতে এতিয়ালৈ ৩টা কেমো আৰু ১৭টা ৰেডিয়েচন দিয়া হয়।

কিন্তু শেহতীয়াকৈ ৰেডিয়েচন মেচিন বিকল হৈ থকা বুলি জনায় প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই। যোৱা এমাহে মেচিন বিকল হৈ থকাত এতিয়া বিপাঙত পৰিছে পৰিয়ালবৰ্গ।  চিকিৎসকে ৰেডিয়েচন এটাও এৰিব নালাগে বুলি পৰামৰ্শ দিছিল যদিও মেচিন বিকল হৈ থকাত প্ৰায় ১৫টা ৰেডিয়েচন লোৱাৰ সময়সীমা পাৰ হৈ গ'ল। ২টা কেমোও ল'ব লগা আছিল যদিও সেয়াও লোৱা নহ'ল ৰোগীজনৰ। 

এনে অৱস্থাত ৰোগীৰ অভিভাৱকে অন্য ঠাইত চৰকাৰীভাৱে চিকিৎসা কৰিব বিচাৰিছিল যদিও চিকিৎসক অন্য স্থানত চিকিৎসা পদ্ধতি বেলেগ হ'ব বাবে অনুমতি প্ৰদান কৰা নাই। তেনে অৱস্থাত এতিয়া মেচিন ভাল হোৱালৈ নিজ বাসভৱনত বিনা চিকিৎসাই থাকিব লগা হৈছে ৰোগীজন। আনহাতে অটল অমৃত যোজনাৰ জৰিয়তে বিনামূলীয়া চিকিৎসা সেৱাও লাভ কৰাতো বিলম্ব হৈছে দুখীয়া ৰোগীজনৰ ক্ষেত্ৰত। 

অভিযোগ মতে এদিনত কেৱল ২৫ জন ৰোগীকহে প্ৰতিষ্ঠানখনে এই সেৱা প্ৰদান কৰাৰ পৰিপ্ৰক্ষেতিত কেইবাদিনো তাঁত বাতি কাঢ়িও আজিলৈ অটল অমৃতৰ সুবিধা লাভ কৰা নাই। ইপিনে যোৱা মাহটোত কেবাদিনো ৰেডিয়েচন দিবলৈ ৰোগীজনক লৈ যোৱা হ'ল যদিও প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই আজি হ'ব কালি হ'ব বুলি কৈ ৰোগীগৰাকীক উভটাই পঠাই।

এনে কেৱল গোৰেশ্বৰৰ প্ৰমোদ পাটোৱাৰীৰ ক্ষেত্ৰতে হৈছে তেনে নহয়, প্ৰতিষ্ঠানখনত থকা প্ৰায় ৰোগীয়ে এই অসুবিধা ভোগ কৰি আহিছে। যিসকলে নিজৰ টকা-পইচা খৰছ কৰিব পাৰে তেওঁলোকে অন্য ঠাইত ব্যক্তিগত হস্পাতালত চিকিৎসা গ্ৰহণ কৰিছে যদিও আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালসমূহে এই ক্ষেত্ৰত অসুবিধাৰ  সন্মুখীন হৈছে। 

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসময়ত নিজৰ বিভাগটোক সফল বুলি দাবী কৰি আহিছে সেইসময়ত মহানগৰীৰ একমাত্ৰ কৰ্কট প্ৰতিষ্ঠানখনৰ এই অৱস্থাই স্বাস্থ্য বিভাগটোৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে। এতিয়া প্ৰমোদ পাটোৱাৰীৰ দৰে ৰোগীয়ে কি ভৰসাত চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণ কৰি ৰোগ নিৰ্মূল কৰিব সেয়াহে জটিল প্ৰশ্ন হৈ পৰিছে। পৰিৱৰ্তনৰ ঢাক-ঢোল বজাই এতিয়া ধৰ্মৰ নামত ৰাজনীতি কৰি চৰকাৰখনে পাহৰি গৈছে ৰোগীক দিব লগা সুবিধাসমূহৰ বিষয়ে।