বালিৰে মাথাউৰি নিৰ্মাণ, উপায়ুক্তক মথাউৰি পৰিদৰ্শন কৰাৰ আহ্বান, আমছু নেতাক ভাবুকি

নগাঁওঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ মাথাউৰি সমুহ ৩০ এপ্ৰিলৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰি তুলিবলৈ সময়সীমা বান্ধি দি নিৰ্দেশনা জাৰি কৰিছিল যদিও সেই সময়সীমা পৰা হৈ যোৱাৰ পিছতো নগাঁও জিলাৰ ধিং-শিলঘাট মাথাউৰি মেৰামতি আজিলৈ সম্পূৰ্ণ নহল। লাওখোৱা অভয়াৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা  দক্ষিণ কলাডোবাস্থিত মাথাউৰিৰ অৱস্থা অতিকে পুতৌজনক আৰু বিপদসংকুল। 

মথাউৰিটোৰ ইমানে শোচনীয় অৱস্থা যে মহাবাহু ব্ৰহ্মপুত্ৰৰৰ ফেনে-ফোটোকাৰে বাঢ়ি অহা বাঢ়নী পানীক ভেটা দিব পৰা ক্ষমতা কেতিয়াবাই হেৰুৱাই পেলাইছে। যাৰ ফলত নৈপৰীয়া ৰাইজ আতংকিত হৈ পৰাৰ লগতে বিনিদ্ৰ ৰজনী কটাবলগীয়াত পৰে। আশ্চৰ্য্যজনক বিষয় এই যে মথাউৰিৰ মেৰামতিৰ দায়িত্বত থকা ঠিকাদাৰে সম্পূৰ্ণ নিজৰ মইমতালিৰে বিভাগীয় নীতি নিয়ম উলংঘা কৰি মাটিৰ সলনি বালিৰে মথাউৰিটো মেৰামতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমছু আৰু  স্থানীয় ৰাইজে।

এক বিবৃতিত যোগে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ কলাডোবা আঞ্চলিক সমিতিৰ সভাপতি মোস্তাকিম আলম আৰু সম্পাদক আলী হুছেইনে ঠিকাদাৰে মাটিৰ সলনি বালিৰে নিৰ্মাণ কৰা কাৰ্যক বিৰোধিতা কৰাৰ বাবে ঠিকাদাৰ ভাবুকি প্ৰদান কৰাৰ বুলি অভিযোগ উত্থাপন কৰে৷  

যাৰ ফলত মাথাউৰি নিৰ্মাণত সংঘটিত দুৰ্নীতি সন্দৰ্ভত যোৱা ৮ মে’ত নগাঁও জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে আমছুৰ আঞ্চলিক সমিতিয়ে। এতিয়া প্ৰশ্ন হয় দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰা বুলি ফিতাহী মৰা ৰাজ্যখনৰ শাসনৰ গাদী দখল কৰা পৰিৱৰ্তনশীল চৰকাৰে ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব? আমছুৱে নগাঁও জিলাৰ উপায়ুক্তক স্বচক্ষে মথাউৰিটো পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়৷