চাবুৱাত জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উত্তাল প্ৰতিবাদ, ঘৰৰ সমীপত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

newsnextone.com | চাবুৱা/ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী,সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷

মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়া জ্বলিব ধৰিছে সমগ্ৰ ৰাজ্য৷ বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল মুখ্যমন্ত্রী গৃহ জিলাৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সমূহৰ লগতে চাবুৱাৰ ডিকমবাসী ৰাইজ৷ বিধেয়কখন বাতিলৰ দাবীত ঘৰৰ সমীপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ 

জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল কাম নাই, মোডী চৰকাৰ হায় হায়, হিমন্ত দাদাগিৰী নচলিব, খেদ অ খেদ বাংলাদেশী খেদ, ডিকমবাসী ৰাইজ জাগিছে, অসমবাসী জাগিছে আদি শ্ল’গান দিয়া পৰিলক্ষিত হয়৷ প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ সাংবাদিক সুৰক্ষা মঞ্চ, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ, ডিব্ৰুগড় জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্র সন্থা, চাবুৱা অাঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্র সন্থা লগতে চাহ জনজাতি ছাত্র সন্থাও অংশগ্ৰহণ কৰে৷ 

জাতীয়-জনগোষ্ঠী সংগঠনৰ লগতে সাংবাদিক সংগঠন আৰু ডিকম অঞ্চলৰ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক ধিক্কাৰ দি এই আইন গৃহিত নকৰিবলৈ দাবী জনায়৷ ইয়াৰ পাছতে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰে চৰকাৰক৷ কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনায় সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা,  সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ উপদেষ্টা চফি অালম খান, ছাত্র মুক্তি সংগ্ৰাম চাবুৱা অাঞ্চলিক সভাপতি জগজিৎ গোহাঁইৰ লগতে ডিকমবাসী ৰাইজে৷