এজন বাংলাদেশী অসমলৈ আনি দেখুওৱাক, অখিলে কলে, ৰাম, হিমন্ত, ৰঞ্জিতে মুকলি বিতৰ্ক কৰক

newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গণসচেতনতা অভিযান অব্যাহত ৰাখিছে৷ দেওবাৰৰ পৰা অব্যাহত ৰখা অভিযানত সোমবাৰে পুৱাই পুনৰ কৃষক মুক্তিৰ নেতৃত্বত এটা দল মহানগৰীৰ ৰাজ পথলৈ ওলাই আহে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ সমীপৰ লগতে পাণবজাৰ, ফাঁচীবজাৰ আৰু উজানবজাৰত পথ সভা অনুষ্ঠিত কৰে৷ 

পথ সভাত অংশ লৈ অখিল গগৈয়ে ৰাজ্য-কেন্দ্ৰ চৰকাৰ তীব্ৰ প্ৰত্যাহ্বান জনায়৷ বিজেপি নেতাৰ হঠাৎ সুৰ সলনি হোৱাত অখিলে এয়া ৰাইজৰ ক্ষোভৰ বাবে তেওঁলোকে সুৰ সলনি কৰিবলৈ বাধ্য হোৱা বুলি কয়৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংগ্ৰামক সহায় কৰাৰ লগতে হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰিবলৈ ৰাইজক আহ্বান আহ্বান জনাই অখিলে৷

আনফালে, এই অভিযানৰ মাজতে অখিল গগৈয়ে অসমীয়াৰ স্বাভিমানত আঘাত হানিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰি অসমৰ কেইবাজনো বিজেপি নেতা-মন্ত্ৰীক প্ৰত্যাহ্বান জনায়৷ বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইক লৈ কৰি অহা টুলুঙা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাৰে বাৰে কৰা অপমান সহ্য কৰা নহ’ব বুলি কয়৷ সততে বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইক হিমন্ত বিশ্ব শৰ্মাই  টুলুঙা মন্তব্যৰে কৰা অপমান পুনৰ নকৰিবলৈ সকীয়াই দি অসমত হীৰেণ গোহাঁইৰ দৰে বুদ্ধিজিৱী থকাটো সমগ্ৰ অসমীয়াৰ বাবে সৌভাগ্য বুলি কয়৷ 

অখিলে কেইবাগৰাকী বিজেপি নেতাক প্ৰত্যাহ্বান জনাই মুখামুখিকৈ বিতৰ্কত কৰিবলৈ কয়৷ বিজেপিয়ে অসম বিৰোধী কাৰ্য পূৰ্বৰে পৰা কৰি আহিছে কিন্তু অসমৰ ৰাইজে বুজি পোৱা নাছিল বুলি কয়৷ এইবাৰ অসমৰ ৰাইজে বিজেপিৰ প্ৰকৃত ৰূপ বুজি পোৱা বুলি কৈ ৰাইজে আজি বিজেপিৰ বিৰুদ্ধে ওলাই অহা বুলি কয়৷

আনহাতে বিজেপি কেন্দ্ৰীয় নেতা ৰাম মাধৱ, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনাই মুকলি বিতৰ্কত অংশ লবলৈ আহ্বান জনায়৷ অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ সপক্ষে মত প্ৰকাশ কৰি হিন্দু বাংলাদেশীক সংস্থাপন কৰা হ’ব বুলি মত প্ৰকাশ কৰি অহা এই সকল নেতাক মই মুকলি বিতৰ্কত অংশ লবলৈ কৈছো বুলি কৈ বিজেপিৰ যদি সাহস আছে তেন্তে এজনো হিন্দু বাংলাদেশী অসমত প্ৰৱেশ কৰি দেখুওৱাক বুলি কয় অখিলে৷ 

দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এখন সংবাদমেল আয়োজন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলা প্ৰতিবাদ বন্ধ কৰাৰ লগতে  ৰাইজক আৱেগিক কৰিলে হিতে বিপৰীত হ’ব বুলি কৈছিল৷ সোমবাৰে অখিল গগৈয়ে প্ৰত্যাহ্বান জনাই বিজেপিৰ ৰাজ্যিক সভাপতিক মুকলি বিতৰ্কত অংশ লবলৈ কয়৷