মাৰ্ঘেৰিটাৰ ব্যৱসায়ী সন্থাৰ বিহুত গীত পৰিবেশন কৰিব বলিউডৰ কন্ঠশিল্পী কুমাৰ চানুৱে

newsnextone.com| মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত মঙলবাৰৰ পৰা মাৰ্ঘেৰিটা টাউন হাইস্কুল প্ৰাংগলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বহাগী উৎসৱ। উজনি অসমৰ অন্যতম বিহু সন্মিলন হিচাপে পৰিচিত বিহ সন্মিলনৰ প্ৰথম দিনটোত পুৱাই উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক মোহিত কৰে৷ 

মাৰ্ঘেৰিটাৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা আৰম্ভ কৰা শোভাযাত্ৰাত সন্মুখত হাতী বিহু দল, গায়ন-বায়নৰ লগতে হাজং, আদিবাসী, মিচিং, নেপালী চিংফৌ, ভোজপুৰী, বড়ো, চেমা টাংচা, টাইফাকে, দেউৰী, ইছলামধৰ্মী আদিকে ধৰি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰি সমন্বয় গঢ়ে৷

অসমীয়া বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু অসম চৰকাৰৰ যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সচিব লক্ষ্য কোঁৱৰৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই। প্ৰায় ১০ কিলোমিটাৰ পথ সামৰি পৰিভ্ৰমণ কৰা শোভাযাত্ৰা উপভোগ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত সমবেত বৈছিল বহু লোক৷ 

আনহাতে পুৱা পতাকা উত্তোলন কাৰ কৰে সভাপতি তথা মহকুমাধিপতি সুমিত সত্তাৱনে, স্মৃতি তৰ্পণ কৰে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহা প্ৰৱন্ধক যুগল কুমাৰ বৰাই। হুচৰি-বৰবিহুৱতী-বিহুৱতী আদি প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া সন্মিলনত সাংস্কৃতিক সন্ধিয়াত প্ৰিয়ংকা ভৰালী, আচুৰ্য বৰপাত্ৰ গোঁহাইৰ লগতে বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ চানুৱে সংগীত পৰিবেশন কৰিব। অন্তিম দিনৰ মুকলি সভা আৰু বটাঁ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব।