ৰঙিয়াত কুৰিটা দল-সংগঠনৰ প্ৰতিবাদ, নিউ বঙাইগাঁও-ৰঙিয়া-কামাখ্যা দ্বৈত ৰেলপথ নিৰ্মাণৰ দাবী

newsnextone.com | ৰঙিয়াঃ কেন্দ্ৰীয় চৰকাৰে নিউ বঙাইগাঁও-ৰঙিয়া-কামাখ্যা ৰেলপথ দ্বৈত কৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিও উপেক্ষিত হৈ ৰ’ল ৰেল পথটো৷ নামনিৰ জনসাধাৰণৰ বাবে অতিব গুৰুত্বপূৰ্ণ ৰেলপথটোক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ৷ বিটিএডি, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও আদি জিলাৰ চাকৰীয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীৰ বাবে অতিব প্ৰয়োজনীয় ৰেল পথটো গুৰুত্ব প্ৰদান নকৰাত বিশেষকৈ ক্ষোক্ষিত হৈ পৰিছে ৰেলযাত্ৰী সন্থায়৷

ফলত জাঙুৰ খাই উঠিছে ৰঙিয়াৰ বিভিন্ন দল-সংগঠন তথা ৰেল যাত্ৰী সন্থা৷ ৰাজ্যখনত ৰেলৰ উন্নয়নৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ততা আৰু ঔপনিৱেশিক নীতিৰ প্ৰতিবাদত এক গণ আন্দোলন আৰম্ভ হৈছে কামৰূপৰ ৰঙিয়াত। উত্তৰ পূৱ ৰেলৰ উন্নয়ন দাবীত মঙলবাৰে অসম ৰেল যাত্ৰী সন্থাৰ উদ্যোগত ৰাজ্যৰ কুৰিটাকৈ দল-সংগঠনে ৰঙিয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। 

আছু, যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, এচ এফ আই, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, গৰিয়া যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অগপ, বিজেপি, চি পি আই(এম), কংগ্ৰেছ দলৰ উপৰি দলসমূহৰ ভাতৃ সংগঠনসমূহ আৰু ৰঙিয়াৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয় উত্তপ্ত কৰি তোলে। 

প্ৰতিবাদী কাৰ্যসূচীত অসম ৰেলযাত্ৰী সন্থাৰ সম্পাদক দীপাংকৰ শৰ্মা, প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়ো, ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, অসম ৰেল যাত্ৰী সন্থাৰ তেজপুৰৰ নেতা কুলেন ভট্টচাৰ্য, ফকিৰাগ্ৰামৰ ভট্টু শ্বেখ, বঙাইগাঁৱৰ বিপুলানন্দ শৰ্মা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কৰেন্দ্ৰ কলিতা উপস্থিত থাকে। দল-সংগঠনৰ প্ৰতিগৰাকী নেতাই কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ক অসমৰ ৰেলৰ সামগ্ৰীক উন্নয়নৰ দাবী জনায়। 

দশক দশকধৰি ৰেল মন্ত্ৰালয়ে অসমবাসীৰ প্ৰতি কৰি অহা বঞ্চনাৰ প্ৰতিবাদৰ অন্তত দল-সংগঠনসমূহে নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ কামাখ্যালৈ দ্বৈত ৰেলপথ শীঘ্ৰ নিৰ্মাণ, সুকীয়া মালবাহী ৰেলপথ নিৰ্মাণ, শৰাইঘাটত দ্বিতীয়খন ৰেলৰ দলং নিৰ্মাণ, আজ্ঞাঠুৰীত ৰেলৰ টাৰ্মিনেল নিৰ্মাণ, উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া ৰেল মণ্ডল গঠন কৰি সুকীয়া ৰেলৱে’ নিয়োগ ব’ৰ্ড গঠন, গুৱাহাটীৰ পৰা উপকণ্ঠীয় অঞ্চলসমূহৰ মাজত পৰ্যাপ্ত স্থানীয় ৰেলৰ প্ৰচলন, সৰভোগত ছাব আৰবান টাৰ্মিনেল নিৰ্মাণ কৰাৰ দাবী জনায়৷

আনহাতে কৃষিজাত আৰু দুগ্ধজাত পণ্য পৰিবহনৰ ব্যৱস্থা কৰা, ষ্টেচনসমূহত বিজ্ঞানসন্মত প্লেটফৰ্ম আৰু ফুট অ’ভাৰব্ৰীজ নিৰ্মাণ, হকাৰসকলক লাইচেন্স প্ৰদান কৰি ৰেলত স্থানীয় জলপান উপলব্ধ কৰাৰ ব্যৱস্থা কৰা, ৰঙিয়াত ১২৪২৩/২৪ নং ৰাজধানী এক্সপ্ৰেছৰ ষ্টপেজৰ ব্যৱস্থা কৰা, ৰঙিয়া-ভূটান প্ৰস্তাৱিত ৰেলপথ শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰা, ৰেল নগৰী ৰঙিয়া চহৰৰ মুখ্য স্থানসমূহত ওখ টাৱাৰ বহুৱাই বিজুলী যোগানৰ ব্যৱস্থা কৰাৰ লগতে বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰা, ৰঙিয়া-মুৰ্কংচেলেক শাখাত দূৰণিবটীয়া ৰেলৰ প্ৰচলন কৰাৰ দাবী জনায়৷

নিউ গুৱাহাটী পৰ্যন্ত ৰঙিয়া ৰেল সংমণ্ডলৰ পৰিসীমা বৃদ্ধি কৰা, ৰাজ্যত ৰেলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 'আসাম ৰেলৱে’ ডেভেলপমেন্ট কৰ্প’ৰেছন' নামেৰে সংস্থা গঠন কৰা, ৰঙিয়াত এছ কে-১২ আৰু এছ কে-১৪ ৰেল ক্ৰছিঙত ফ্লাইঅভাৰৰ ব্যৱস্থা কৰা আৰু সংসদত পূৰ্বৰ দৰে সুকীয়া ৰেল বাজেট দাখিলৰ ব্যৱস্থা কৰাৰ বাবে ভাৰত চৰকাৰক দাবী জনাই এখন স্মাৰক পত্ৰ ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ জৰিয়তে প্ৰেৰণ কৰে৷