নলবাৰী-মঙলদৈত কংগ্ৰেছৰ প্ৰতিবাদ, জাতি-মাটিৰ কথা কোৱা বিজেপিয়ে ৰাইজক দিব লাগিব উত্তৰঃৰিপুণ

newsnextone.com | মঙলদৈ/নলবাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে-বিপক্ষে থাকি ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰথমাৱস্থাত দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল যদিও জনগণৰ মতৰ সৈতে সহৱস্থান কৰিবলৈ বাধ্য হৈ বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ 

অসমৰ ৰাইজৰ জনমতক সন্মান প্ৰদৰ্শন নকৰাৰ লগতে প্ৰতিবাদক ইতিকিং তুচ্ছ-তাচ্ছিল্য কৰি আহিছে বিজেপিৰ নেতা-কৰ্মীয়ে৷ কোৱা বাহুল্য ১৫ বছৰৰ কংগ্ৰেছৰ শাসন কালতো একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে জনগণে কৰা প্ৰতিবাদক তুচ্ছ-তাচ্ছিল্য কৰিছিল৷ জনমতক সন্মান প্ৰদৰ্শন কৰা নাছিল কংগ্ৰেছেও৷

যাৰ ফলত কংগ্ৰেছে শাসনৰ গাদীৰ পৰা খেদা খাব লগ হয়৷ এতিয়া বিজেপিৰ নেতৃত্বৰ পৰাও তেনেই এখন ছবি দেখা গৈছে৷ জনমত সন্মান নিদি উভতগোৰে নাচিব ধৰিছে৷ যাৰ ফলত ৰাজ্য এতিয়া প্ৰতিদিনে উত্তাল হ’ব ধৰিছে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যবাসীয়ে প্ৰবল জনমত গঢ়াৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে জমনতক সন্মান দিব বিচৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ অসমীয়াৰ ভোট লৈ চৰকাৰ গঠন কৰা বিজেপি নেতা-কৰ্মীয়ে অসমৰ ৰাইজে নিবিচৰা আইন গৃহিত কৰি অসমৰ জনগাঁথনিৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কক গৃহিত কৰি চুবুৰীয়া দেশৰ হিন্দু শৰণাৰ্থীক দেশলৈ আনিব বিচাৰে৷ 

অসমৰ মানুহে অসমৰ বাবে এই আইন ভয়াবহ আৰু জাতিৰ বাবে অস্তিত্ব স্বৰূপ হৈ পৰিব বুলি কৈ প্ৰতিবাদ কৰি আহিছে৷ গণস্বাক্ষৰ, ধৰ্ণা, অৱস্থান, ৰাজহুৱা সভা, প্ৰতিকৃতি দাহ আদি কাৰ্যসূচী ৰূপায়ন কৰি প্ৰবল জনমত গঠন কৰিছে৷ দল-সংগঠন সকলোৱে সমান প্ৰতিবাদ অব্যাহত ৰাখিছে৷

বিৰোধী কংগ্ৰেছে যোৱা ৭ মে’ৰ পৰা প্ৰবল প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বুধবাৰেও কেইবাঠাইত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ নলবাৰী আৰু দৰং জিলাত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে৷ নলবাৰীত কংগ্ৰেছে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা উপস্থিত থাকি বিজেপিক তীব্ৰ সমালোচনা কৰে৷ বিজেপিয়ে অসম প্ৰেমৰ কথা কয় যদিও অসমৰ ৰাইজক সন্মান কৰা নাই বুলি কয় ৰিপুণ বৰাই৷ জাতি-মাটি, ভেটিৰ কথা কোৱা চৰকাৰে ৰাইজক উত্তৰ দিব লাগিব বুলি কয়৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৰং জিলা কংগ্ৰেছ ৰাজপথলৈ ওলাই আহে বুধবাৰে৷ প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীৰ নেতৃত্বত মঙলদৈ চহৰৰ মাজমজিয়াত সমদল উলিয়াই বিতৰ্কিত বিধেয়ক খনৰ বিৰোদ্ধে শ্ল’গান দি মঙলদৈ চহৰৰ উত্তাল কৰি তোলে৷ দৰং জিলাৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰে।

নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত সমদলত কেইবাশতাধিক লোক উপস্থিত থাকে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰপুণ বৰাৰ উপস্থিতিত জিলা উপায়ুক্তৰ জৰিয়তে গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে নলবাৰী কংগ্ৰেছে।