ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বন কৰা কিশোৰী, উপ-পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ গৃহৰ পৰা উদ্ধাৰ

newsnextone.com | ডিব্ৰুগড়ঃ একাংশ লোক সভাই সমিতিয়ে সমাজ সংস্কাৰৰ কথা কৈ ভাষণ প্ৰদান কৰে৷ সমাজৰ কোনো পৰিয়ালৰ সন্তান যাতে শিক্ষাৰ পৰা বাদ নপৰা সেই কথা প্ৰায়ে শিক্ষাৰ সৈতে জৰিত লোকে প্ৰায়েই প্ৰকাশ কৰি আহিছে৷

কিন্তু সৰিয়হৰ ডুলিতে ভূত থাকে বুলি কোৱা কথাষাৰক সঁচা প্ৰতিপন্ন কৰি এগৰাকী বিশ্ববিদ্যালয়ৰ উচ্চ আসনত থকা লোকৰ ঘৰত উদ্ধাৰ হৈছে দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কিশোৰী৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ গৃহতেই বন কৰা কিশোৰী উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উচ্চ শিক্ষাৰ গুৰুত্বপূৰ্ণ পদবীত থকা বিষয়া পৰমানন্দ সোণোৱালে বিশ্ববিদ্যালয়ৰ চৌহদৰ চৰকাৰী আবাসত ৰাখি বন কৰা ছোৱালী হিচাপে নিয়োগ কৰিছিল এটি শিশু শ্ৰমিক। 

কোনো লোকৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই পৰমানন্দ সোণোৱালৰ কিশোৰীগৰাকী উদ্ধাৰ কৰাৰ লগতে গোচৰ ৰুজু। জিলা প্ৰশাসন, শ্ৰম বিভাগ, আৰক্ষী, সহকাৰী আয়ুক্ত ৰশ্মি প্ৰতাপৰ নেতৃত্বত উপ-পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ গৃহত অভিযান চলাই ঘৰুৱা বন কৰিবলৈ ৰখা কিশোৰীগৰাকীক উদ্ধাৰ কৰে৷ উচ্চ শিক্ষানুষ্ঠানৰ চৌহদত শিশু শ্ৰমিক উদ্ধাৰ হোৱাৰ ঘটনা এক লজ্জাৰ বিষয় বুলি কয় ৰাইজে৷