
newsnextone.com | নগাঁওঃ আমি অসমীয়াই বিহু-কলা-সংস্কৃতিৰ লগত জড়িত হৈ থকাৰ সময়তে বিদেশীয়ে অসমত খোপনি পুতি আমাৰ জাতিটোৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে। সেয়ে আমি কলা সংস্কৃতি জীয়াই ৰাখিও আমাৰ জাতিটোৰ সুৰক্ষাৰ বাবে সজাগ হৈ থাকিব লাগিব। এই মন্তব্য আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতীয়াৰ।
বুধবাৰে নগাঁও জিলাৰ চকলাঘাটত আয়োজিত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ মুকলি জেং বিহু প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি সংযুক্ত মুক্তি বাহিনী অসমৰ সাধাৰণ সম্পাদকগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কয় যে এই বিধেয়ক খন অসমত বাস কৰা খিলঞ্জীয়া লোক সকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে অসমীয়া জাতি ধ্বংস কৰিব।
আমি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছো। যদিহে এই আইন খন প্ৰণয়ন হয় তেন্তে আমি আলোচনা প্রক্রিয়াৰ পৰা আতৰি যাবলৈ বাধ্য হম। আমি সদায় জাতিৰ হকে কাম কৰি যাম আৰু আমাৰ আলোচনাপন্থীৰ মাজত কোনো সংঘাত নাই এয়া কোনো দুষ্ট চক্রৰ চক্ৰান্ত মূলক অপপ্রচাৰহে।
ভাৰত চৰকাৰেই হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য কৰাইছিল বুলি উল্লেখ কৰি তেওঁ পূৰ্বৰ সশস্ত্ৰ সংগ্ৰামৰ দিনবোৰৰ কথা সোঁৱৰি কয় যে অসম তথা অসমবাসীৰ স্বাৰ্থৰ হকে আমি সদায় কাম কৰি যাম৷ অসমৰ জাতীয় সত্ত্বা, স্বাভিমানত কেতিয়াও আঘাত হানিব নিদিওঁ৷
প্ৰচাৰ উপ-সমিতিৰ সভাপতি কল্যাণ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানত পিচিজিৰ সদস্য লাচিত বৰদলৈ, দিলীপ পাটগিৰি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা শিৱা মনি বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ক্ষিৰোদ কুমাৰ বৰুৱাই উদ্বোধন কৰাৰ পিছতেই মহিলাসকলৰ মাজত জেং বিহু আৰু হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়৷