লজ্জানত সভ্য সমাজ, দুই সন্তানৰ মাতৃ হ’ল মানসিক বিকাৰগ্ৰস্থ যুৱতী

newsnextone.com | ওদালগুৰিঃ পুনৰ লজ্জানত হ’ল সভ্য সমাজ৷ এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতী কামানৰ বলি হোৱাৰ ঘটনা পোহৰলৈ আহিছে ওদালগুৰি জিলাত৷ নৰপিশাচৰ কামনাৰ বলি হ'ল অবিবাহিত মানসিক বিকাৰগ্ৰস্থ মহিলা এগৰাকী। ওদালগুৰি জিলাৰ সিন্দ্ৰিজেৰা গাঁৱত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, বহু দিন ধৰি সিন্দ্ৰিজেৰা গাঁৱত এগৰাকী মানসিক বিকাৰগ্ৰস্থ যুৱতীয়ে থিতাপি লৈ আছিল৷ ইয়াৰ পাছত কোনো নৰপিশাচৰ কামনাৰ বলি হয় দুৰ্ভগীয়া যুৱতীগৰাকী। 

ফলস্বৰূপে বিগত তিনিবছৰ পূৰ্ৱে যুৱতীগৰাকীয়ে জন্ম দিয়ে এটি অবৈধ কন্যা সন্তানৰ। সমাজৰ লাঞ্চনা বঞ্চনা সহিও যুৱতীগৰাকীৰ মাতৃয়ে লালন পালন কৰিব ধৰিলে কন্যা সন্তানটো। কিন্তু পুনৰ দুমাহ পূৰ্ৱে পাশান পুৰুষৰ কামনাৰ বলি হোৱা দুৰ্ভগীয়া যুৱতীগৰাকীয়ে পুনৰ এটি পুত্ৰ সন্তান জন্ম দিয়ে। এই ঘটনাই বিগত ২৭ এপ্ৰিলত পোহৰলৈ আহে ওদালগুৰি জিলা ন্যায় সাহায্য প্ৰাধিকাৰীৰ জৰিয়তে। 

ঘটনাক গুৰুত্ব সহকাৰে লৈ ওদালগুৰি জিলা ন্যায় সাহায্য প্ৰাধিকাৰীয়ে উক্ত দিনাই এখন লিখিত আবেদন যোগে ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষী অধীক্ষকক অৱগত কৰে। সেই আৱেদনৰ ভিত্তিতেই ওদালগুৰি আৰক্ষী থানাত ৯৮/২০১৮ নম্বৰত এক গোচৰ ৰুজু কৰে। আৰক্ষীয়ে বুধবাৰে নিৰ্যাতিত যুৱতীগৰাকী, তেওঁৰ মাতৃ তথা যুৱতী গৰাকীৰ দুই সন্তানক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সাক্ষ্য প্ৰদানৰ বাবে হাজিৰ কৰে।

মাতৃগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে কোন পুৰুষৰ কামনাৰ বলি হৈ যুৱতীগৰাকীয়ে অবৈধ সন্তানৰ মাতৃ হয়, সেই বিষয়ে তেওঁ অজ্ঞাত। কিন্তু যেতিয়া যুৱতী গৰাকী অন্তসত্বা হয়, তেতিয়াহে মাতৃগৰাকীয়ে জানিব পাৰে বুলি উল্লেখ কৰে। কিন্তু সমাজৰ ভয়ত সমগ্ৰ ঘটনা গোপনে ৰখাৰ কথা জানিবলৈ দিয়ে। ইফালে ওদালগুৰি জিলা ন্যায় সাহায্য প্ৰধিকাৰীৰ সদস্য জয়ন্ত কুমাৰ ব্ৰহ্মই সমগ্ৰ ঘটনাটক নিন্দা কৰি এয়া সভ্য সমাজত সংঘটিত নজীৰবিহীন ঘটনা বুলি উল্লেখ কৰে। লগতে  নিৰ্যাতিতা যুৱতী তথা পৰিয়ালটোক শীঘ্ৰে ন্যায় প্ৰদানৰ চেষ্টা চলাব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে জিলা ন্যায় সাহায্য প্ৰধিকাৰীৰ সদস্য জয়ন্ত কুমাৰ ব্ৰহ্মই৷